গুৱাহাটী, ৫ জুলাই: তেলেংগানাৰ নিৰ্মল জিলাৰ চিঙ্গাংগাঁৱত সংঘটিত হৈছে এক অতি শোকাৱহ ঘটনা। চেলফীৰ উন্মাদনাৰ ফলতেই ৩ গৰাকীকৈ কিশোৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত গোটেই অঞ্চলজুৰি শোকৰ ছাঁ পৰে। ঘটনা অনুসৰি যোৱাকালি ৩ গৰাকী কিশোৰীয়ে ম'বাইলৰ কেমেৰাৰে চেলফি লৈ থকা মূহুর্তত পিছল খাই তিনিওজনী এটা জলসিঞ্চনৰ পানী টেংকীত সোমাই পৰে, আৰু উশাহ ল'ব নোৱাৰি ডুব যোৱাত ৩ গৰাকী কিশোৰীয়ে অতি কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয়। শোকাৱহ ঘটনাটো দেওবাৰে সন্ধিয়া সংঘটিত হৈছিল যদিও সোমবাৰ অৰ্থাৎ আজিহে পোহৰলৈ আহে।
ইপিনে মৃত কিশোৰীকেইজনী ক্ৰমে এলিম সুনীতা (১৬), তেওঁৰ ভগ্নী বৈশালী (১৪) আৰু তেওঁলোকৰ সম্পৰ্কীয় অঞ্জলি (১৪) বুলি চিনাক্ত কৰা হৈছে। উক্ত ঘটনা সংক্ৰান্তত আৰক্ষীয়ে কয় যে, "তিনিওজনী ছোৱালী চেলফি লৈ থকা মূহুর্তত পিছল খাই দুৰ্ঘটনাক্ৰমে পানীৰ টেংকীটোত সোমাই পৰিছিল আৰু উশাহ ল'ব নোৱাৰাত ডুব গৈছিল।
আনহাতে,আৰক্ষী পৰিদৰ্শক অজয় বাবুৱে কয় যে, "যেতিয়া ছোৱালীকেইজনী ঘৰলৈ উভতি অহা নাছিল, তেওঁলোকৰ পিতৃ-মাতৃয়ে ততাতৈয়াকৈ তালাচী আৰম্ভ কৰিছিল আৰু দেউতাক দাদা ৰাৱে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত আজি পুৱা গাওঁবাসীয়ে পানীৰ টেংকীটোত তিনিও গৰাকী কিশোৰীৰ মৃতদেহ পানীত ওপঙি থকা দেখি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এটা মোবাইল ফোন উদ্ধাৰ কৰে।
ইপিনে, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াত উল্লেখ কৰি কয় যে, "সুনীতা আৰু বৈশালীয়ে তেওঁলোকৰ মাক মঙ্গলাবাই আৰু তেওঁলোকৰ সম্পৰ্কীয় ভগ্নী অঞ্জলিৰ সৈতে দেওবাৰে আবেলি তেওঁলোকৰ কৃষি ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰিছিল আৰু তেওঁলোকৰ মোবাইল ফোনত একপি চেলফি ফটো তুলিছিল।" ছোৱালীকেইজনীয়ে আৰু অধিক ফটো উঠিবলৈ হ্ৰ'দটোৰ ওচৰলৈ গৈছিল। যিহেতু তেওঁলোকে চেলফি ল'বলৈ থিয় হৈ থকা ঠাইডোখৰ পানী পৰি পিছল হৈ আছিল, সেয়েহে তেওঁলোকে স্পষ্টভাৱে পানীত পিছলি পৰিছিল আৰু টেংকত পৰিছিল বুলি আৰক্ষীয়ে তদন্তযোগে প্ৰকাশ কৰিছে।
আৰক্ষীয়ে শেষত জনাই যে, "সম্পৰ্কীয় অঞ্জলী মহাৰাষ্ট্ৰৰ বাসিন্দা আছিল আৰু কিশোৰী গৰাকীয়ে তেলেংগানাত আত্মীয়সকলক লগ কৰিবলৈ গাওঁখনলৈ আহিছিল। আৰক্ষীয়ে বৰ্তমান ৩ গৰাকী কিশোৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ভাইনচা চহৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Comments