Classifieds
View All
গুৱাহাটী, ৬ জুলাই: আজি অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই আগন্তুক ট'কিঅ অলিম্পিকৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় খেলুৱৈসকলৰ লগতে অসমৰ পৰা যোগ্যতা অৰ্জন কৰা খেলুৱৈসকললৈ সমৰ্থন আগবঢ়াই মহানগৰীৰ দীঘলীপুখুৰী পাৰত আৰু নেহৰু ষ্টেডিয়ামত ফটো উঠি ভাল পোৱা লোকসকলৰ বাবে ছেলফী জ'ন মুকলি কৰে।
ছেলফী জ'নদুটাত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকৰ বাবে লোকসকলে ফটো উঠি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে ভাৰতীয় খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰিবৰ বাবে সমৰ্থন আগবঢ়াৱ পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয়।
শেষত মন্ত্রী গৰাকীয়ে নিজেও ছেলফী জ'নটোত ফটো সংগ্ৰহ কৰা দেখা যায়।
Comments