Cartoon
View Older
গুৱাহাটী, ৬ জুলাই: ৰাষ্ট্ৰভক্তি আৰু ত্যাগৰ অদ্বিতীয় প্ৰতীক ড° শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ভাৰতীয় জনতা পাৰ্টি, বৰপেটাৰ'ড নগৰ মণ্ডলৰ উদ্যোগত বৰপেটাৰ'ড ৰে'লৱে ষ্টেচনৰ সমীপত প্ৰতিষ্ঠা কৰা নেতাজনৰ প্ৰতিমূৰ্তি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উন্মোচন কৰে।
এই উন্মোচনী সভাত স্থানীয় ৰাইজৰ লগতে অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসও উপস্থিত থাকে।
কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড° শ্যামা প্ৰসাদ মুখাৰ্জীক সন্মান জনোৱাৰ উদ্দেশ্যৰে বৰপেটা ৰোডৰ স্থানীয় ৰাইজে গ্ৰহণ কৰা পদক্ষেপক মন্ত্রী ৰণজিৎ দাসে গৰাকীয়ে ধন্যবাদ জনোৱাৰ লগতে অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে।
Comments