নতুন দিল্লী, ৬ জুলাই ঃ কাইলৈ বিয়লি কেন্দ্রীয় কেবিনেটৰ বহু প্রত্যাশিত সম্প্রসাৰণ ঘটোৱাৰ সম্ভাৱনা আছে৷ অহা বছৰৰ আগভাগত উত্তৰ প্রদেশকে ধৰি পাঁচখন ৰাজ্যত হ’বলগীয়া বিধানসভাৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এই সম্প্রসাৰণ গুৰুত্বপূর্ণ হ’ব৷ মন্ত্রীসভাত পশ্চিম বংগয়ো প্রতিনিধিত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷ বিজেপিৰ মিত্র দল জে ডি-ইউ আৰু আপনা দলৰ প্রতিনিধিকো অন্তর্ভুক্ত কৰা হ’ব পাৰে৷
বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে (জে ডি-ইউ) আজি ইংগিত দিয়ে যে তেওঁলোকে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰত চাৰিখন আসন বাঞ্ছা কৰিছে৷ দলটোৰ সূত্রসমূহে কয় যে তেওঁলোক ২০১৯ চনত লোৱা স্থিতিত অটল হৈ আছে৷ সেইটো হ’ল দল এটাই জয় কৰা লোক সভাৰ আসনৰ সংখ্যা অনুসৰি মন্ত্র্যালয় দিব লাগে৷ কেন্দ্রীয় কেবিনেটৰ সম্ভাব্য সম্প্রসাৰণৰ বাতৰি ওলাই থকাৰ মাজতে আজি জে ডি-ইউৰ সূত্রই কয়, ‘বিজেপিৰ ১৭জন সাংসদ আছে৷ সেইমতে তেওঁলোকৰ পাঁচজন মন্ত্রী থাকিব লাগে৷ আমাৰ ১৬জন সাংসদ আছে, গতিকে আমাৰ চাৰিজনক মন্ত্রী পাতিব লাগে৷’
উল্লেখযোগ্য যে এই সপ্তাহতে কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাটো প্রায় খাটাং৷ বিভিন্ন দলৰ যিসকল নেতাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে সেইসকলৰ ভিতৰত এই পর্যন্ত কমেও ১৩জন ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছেহি৷ সেইসকল ক্রমে জ্যোতিৰাদিত্য সিন্ধিয়া, সর্বানন্দ সোণোৱাল, নাৰায়ণ ৰাণে, পশুপতি পাৰস, অনুপ্রিয়া পেটেল, পংকজ চৌধুৰী, ৰীতা বহুগুণা যোশী, ৰামশংকৰ কাথেৰিয়া, বৰুণ গান্ধী, আৰ চি পি সিং, লালন সিং, ৰাহুল কেশৱন আৰু চি পি যোশী৷ চৰকাৰী সূত্রই কয় যে নৰেন্দ্র মোদীৰ চৰকাৰে ‘সহকাৰ ছে সমৃদ্ধি’ৰ (সহযোগিতাৰ পৰা সমৃদ্ধি) ভৱিষ্যদৃষ্টিক বাস্তৱায়িত কৰিবৰ বাবে সহযোগ মন্ত্র্যালয় নামেৰে এটা নতুন মন্ত্র্যালয় সৃষ্টি কৰিব৷
Comments