গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৬ জুলাই ঃ ৰাজ্যৰ সবাতোকৈ অধিক সংক্রমণ হোৱা ৭খন জিলাক সর্বাত্মক কণ্টেইনমেণ্ট জিলা ঘোষণা কৰি আজি নতুন কভিড এছ অ’ পি জাৰি কৰা হয়৷ কাইলৈৰ পৰা এসপ্তাহৰ বাবে কার্যকৰী হ’বলগীয়া নতুন এছ অ’ পিত এইবাৰ সর্বাত্মক কণ্টেইনমেণ্ট জিলা যোৱাবাৰৰ ৩খনৰ স্থানত ৭খনলৈ বৃদ্ধি পালে৷ আজি স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই সংবাদমেলযোগে ঘোষণা কৰা নতুন এছ অ’ পিত ৰাজ্যৰ ৩৪খন জিলাক তিনিটা ভাগত বিভক্ত কৰাৰ কথা ব্যক্ত কৰে৷
তেওঁ কয় যে ৭খন জিলাক সর্বাত্মক কণ্টেইনমেণ্ট জিলা ঘোষণা কৰাৰ লগতে ১৬খন জিলাত আবেলি ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ আৰু বাকী ১১খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে৷ যোৱা ১০ দিনৰ ৰাজ্যৰ কভিড পৰিস্থিতি পর্যবেক্ষণ কৰাৰ পাছত কাইলৈৰ পৰা গোলাঘাট, যোৰহাট, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, উত্তৰ লখিমপুৰ আৰু গোৱালপাৰা জিলাত সর্বাত্মক কণ্টেইনমেণ্ট জিলা ঘোষণা কৰিবলগীয়া হয় বুলি তেওঁ সদৰী কৰে৷
২৪ ঘণ্টাই সান্ধ্য আইনৰ কবলত থাকিবলগীয়া এই জিলাকেইখনত অৱশ্যে অত্যাৱশ্যকীয় সেৱা, গেলামালৰ দোকান, গেলামালৰ দোকানতে শাক-পাচলি ৰখা, ঔষধ আদিৰ দোকান সন্ধিয়া ৫ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হৈছে৷ ইয়াৰ উপৰি কভিড বিধি পালন কৰি চাহ বাগিচা, উদ্যোগ আদি খোলা ৰখাৰ অনুমতিও দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্রীজনে সদৰী কৰে৷ এই জিলাকেইখনৰ বাগিচা এলেকা আৰু গাঁও অঞ্চলত উদ্বেগজনকভাৱে কভিডৰ সংক্রমণ হোৱা বুলিও মন্ত্রীজনে প্রকাশ কৰে৷ লক্ষণীয়ভাৱে এই সাতখন জিলাত কি কাৰণে সংক্রমণ অধিক হৈছে তাৰো পর্যালোচনা কৰিবলৈ ইতিমধ্যে নির্দেশ দিয়া বুলি তেওঁ সদৰী কৰে৷
যোৱা ১০ দিনত সবাতোকৈ অধিক সংক্রমণ হোৱা গোলাঘাট জিলাত ২৭১১জন, যোৰহাট জিলাত ১৫৮৩জন, লখিমপুৰ জিলাত ১৩১০জন, বিশ্বনাথ জিলাত ১১৭৪জন, মৰিগাঁও জিলাত ৯১৫জন আৰু গোৱালপাৰা জিলাত ৬৪৫জন লোক কভিডত আক্রান্ত হোৱাৰ কথা ব্যক্ত কৰে স্বাস্থ্য মন্ত্রীজনে৷ তেওঁ কয় যে গোলাঘাট জিলাত সংক্রমণৰ হাৰ সর্বাধিক ৫.৬৪ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে, গোৱালপাৰা জিলাক যোৱা সপ্তাহৰ পৰা সর্বাত্মক কণ্টেইনমেণ্ট জিলা হিচাপে কঠোৰ বিধিৰ মাজত ৰখা বাবে সংক্রমণ যথেষ্ট হ্রাস পাইছে৷
কিন্তু অধিক হ্রাস পাবৰ বাবে এইবাৰো জিলাখনত পূর্বৰ স্থিতি বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হয়৷ আনহাতে, শিৱসাগৰ, ডিব্রুগড়, তিনিচুকীয়া, কোকৰাঝাৰ, বাক৲সা, বৰপেটা, নলবাৰী, কামৰূপ, বজালী, দৰং, নগাঁও, হোজাই, ধেমাজি, কার্বি আংলং, কৰিমগঞ্জ আৰু কাছাৰ জিলাত দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে৷ এই ১৬খন জিলাত দিনৰ ১ বজালৈ দোকান-পোহাৰ খোলা থাকিব আৰু ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব৷ জিলাসমূহত কিছু শিথিলতা দিয়াৰ পাছতো শিৱসাগৰ আৰু ডিব্রুগড় জিলাত চৰকাৰে চোকা নজৰ থাকিব বুলি মন্ত্রীজনে সদৰী কৰে৷
তেওঁ কয় যে এই জিলা দুখনৰ ওপৰত চোকা দৃষ্টি ৰাখিবলগীয়া পর্যায়ৰ সংক্রমণ হৈছে বাবে জিলা দুখনত কভিড বিধি কঠোৰভাৱে পালন কৰা হ’ব৷ আনহাতে, বাকী ১১খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি হ’ব৷ এই জিলাকেইখন হৈছে ধুবুৰী, কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কার্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি৷ লক্ষণীয় যে যথেষ্ট শিথিলতা প্রদান কৰা হৈছে যদিও কামৰূপ মহানগৰ জিলাৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ থকাৰ কথা প্রকাশ কৰে মন্ত্রী কেশৱ মহন্তই৷
তেওঁ কয় যে জিলাখনত সংক্রমণ ক্রমাৎ হ্রাস পাইছিল যদিও সম্প্রতি পুনৰ সংক্রমণ বৃদ্ধি পাইছে৷ কিন্তু ৰাজধানী মহানগৰ হিচাপে কভিড বিধি কঠোৰ কৰিলে কেৱল জিলাবাসীৰে নহয়, সমগ্র ৰাজ্যৰ জনতাৰ অসুবিধা হয়৷ তাৰ প্রতি লক্ষ্য ৰাখি জিলাখনত শিথিলতা দিয়া হৈছে বুলি তেওঁ সদৰী কৰে৷ অৱশ্যে, তেওঁ জিলাবাসীলৈ আহবান জনাই কয় যে নিজকে নিয়ন্ত্রণ কৰক যাতে জিলাখন পুনৰ কঠোৰ নীতি- নিয়মৰ মাজলৈ নিবলগীয়া নহয়৷ সর্বাত্মক কণ্টেইনমেণ্ট জিলাৰ বাহিৰে বাকী জিলাসমূহৰ উপায়ুক্তসকলক অধিক সংক্রমণ হোৱা অঞ্চলসমূহত সংক্রমণ অন্য স্থানলৈ বিয়পি পৰাৰ পূর্বেই মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি সীমাবদ্ধ কৰিবলৈ নির্দেশ দিয়া বুলি প্রকাশ কৰে স্বাস্থ্য মন্ত্রীজনে৷
মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগে লগে সেই ঠাইত ১০০ শতাংশ পৰীক্ষা আৰু ১০০ শতাংশ ভেক৲চিন প্রদান কৰাৰ নির্দেশো দিয়াৰ কথা তেওঁ প্রকাশ কৰে৷ ইয়াৰ উপৰি মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা ঠাইৰ পৰিয়ালৰ অসুবিধা দূৰ কৰাৰ বাবে চৰকাৰে ২০০০ টকা মূল্যৰ খাদ্য সামগ্রী যোগান দিব৷ অৱশ্যে, কোনোবাই এই সামগ্রী নিজে নলৈ আর্তজনৰ বাবে আগবঢ়াই দিবও পাৰে বুলি তেওঁ সদৰী কৰে৷ তেনে অঞ্চলত প্রশাসনৰ লোকে দিনে দুবাৰকৈ গৈ প্রয়োজনীয় সামগ্রী যোগান ধৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব বুলিও তেওঁ কয়৷
নতুন এছ অ’ পি মতে, ৰাজ্যত আন্তঃজিলা যাতায়াত আৰু শিক্ষানুষ্ঠান বন্ধ ৰখা ব্যৱস্থা অব্যাহত ৰখা হৈছে৷ চাকৰিয়ালৰ ক্ষেত্রতো ভেক৲চিন লোৱা কর্মচাৰীসকল কর্তব্যত উপস্থিত থাকিব লাগিব৷ গর্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মহিলাই ঘৰৰ পৰা কাম কৰিব পাৰিব৷ বিশেষভাৱে সক্ষম লোকসকলেও ঘৰৰ পৰাই কাম কৰিব পাৰিব৷ জনসমাগম নিষিদ্ধ কৰাৰ লগতে বিয়া, শেষকৃত্য আদিত সর্বাধিক ১০জন লোক উপস্থিত থাকিব পাৰিব৷ আনহাতে, বাকী নীতি-নিয়মসমূহ পূর্বৰ দৰেই একে থকা বুলি মন্ত্রীজনে স্পষ্ট কৰে৷
ইফালে, ৰাজ্যত এইপর্যন্ত ৩৬ সহস্রাধিক শিশু আৰু কিশোৰ কভিডত আক্রান্ত হোৱাৰ কথা ব্যক্ত কৰি স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই কয় যে এই সময়ত ৰাজ্যত মুঠ ২৮৯০টি শিশু আৰু কিশোৰ বিভিন্ন জিলাত চিকিৎসাধীন হৈ আছে৷ যোৱা ৩০ জুনলৈ ৰাজ্যত ৩৮টি শিশু আৰু কিশোৰ কভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা বুলিও তেওঁ সদৰী কৰে৷ অৱশ্যে, এইপর্যন্ত কভিডত আক্রান্ত আৰু মৃত্যু হোৱা শিশু আৰু কিশোৰসকল জন্মগতভাৱে অসুস্থতাত ভোগা আৰু অন্য জটিল ৰোগত আক্রান্ত হৈ থকা বুলিও প্রকাশ কৰে স্বাস্থ্য মন্ত্রী মহন্তই৷ তেওঁ কয় যে এইপর্যন্ত ১৮ বছৰৰ ওপৰৰ লোকসকলক ভেক৲চিন প্রদান কৰা হৈছে৷
গতিকে, সেই লোকসকলতকৈ এতিয়া শিশু আৰু কিশোৰসকল কভিডত আক্রান্ত হোৱাৰ আশংকা অধিক৷ সেয়ে, মন্ত্রীজনে নিজৰ সন্তানৰ সুৰক্ষাৰ স্বার্থত অভিভাৱকসকলক অধিক সতর্ক হৈ থকাৰ বাবে আহবান জনায়৷ ৰাজ্যত ভেক৲চিনৰ নাটনিৰ কথা স্বীকাৰ কৰি আজি স্বাস্থ্য মন্ত্রীজনে কয় যে ভেক৲চিন প্রদানৰ সমগ্র প্রক্রিয়া কেন্দ্রৰ নিয়ন্ত্রণত আছে৷ কেন্দ্রই অসমক পর্যাপ্ত ভেক৲চিন যোগান ধৰাত ব্যর্থ হোৱাৰ বাবে অসমত সম্প্রতি ভেক৲চিনৰ নাটনি হোৱা বুলি তেওঁ সদৰী কৰে৷ প্রথম অৱস্থাত অসমত ভেক৲চিনৰ ষ্টক আছিল কিন্তু ভেক৲চিন লোৱা মানুহ নাছিল৷ কিন্তু এতিয়া মানুহ ওলাই আহিছে কিন্তু ভেক৲চিন পর্যাপ্ত হোৱা নাই৷ তথাপি মুখ্যমন্ত্রীয়ে কেন্দ্রৰ সৈতে ইতিমধ্যে কথা পাতিছে আৰু দুই-এদিনতে অসমে কিছু ভেক৲চিন লাভ কৰাৰ আশা আছে বুলি মন্ত্রীজনে কয়৷
Comments