গুৱাহাটী, ৭ জুলাই: মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ টুইটাৰযোগে সদৰি কৰিছে যে, বিশ্বৰ সৰ্বাধিক ক'ৰনা ভাইৰাছৰ দ্বাৰা লোকৰ মৃত্যু হোৱা দেশ পেৰুৰ পৰা লেম্বডা প্ৰকাৰৰ উৎপত্তি হৈছিল।
পেৰুত মে' আৰু জুন মাহৰ প্ৰতিবেদিত ক'ৰনা ভাইৰাছ ঘটনাৰ নমুনাত প্ৰায় ৮২ শতাংশ লেম্বডা প্ৰকাৰৰ অৱস্থিতি পোৱা গৈছে বুলি তথ্যত প্ৰকাশিত হৈছে। লগতে, দক্ষিণ আমেৰিকাৰ আন এখন দেশ চিলিত মে' আৰু জুনমাহৰ পৰা ৩১ শতাংশতকৈও অধিক লেম্বডা প্ৰকাৰৰ নমুনা পাইছিল বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে দক্ষিণ আমেৰিকাত ক'ৰনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱা বাবে লেম্বডা প্ৰকাৰবিধকে মনোনীত কৰিছে। স্বাস্থ্য সংস্থাটোৱে লগতে কৈছিল যে, "লেম্বডা প্ৰকাৰবিধে বৰ্ধিত হাৰত সংক্ৰমণ আৰু ক'ভিড এণ্টিবডীৰ প্ৰতি নিজৰ প্ৰতিৰোধ ক্ষমতা দেখুৱায়।
ইফালে, পাব্লিক হেল্থ ইংলেণ্ডে (পি.এইচ.ই.) আন্তৰ্জাতিক সম্প্ৰসাৰণ আৰু এল-৪৫২-কিউ (L-452-Q) আৰু এফ-৪৯০-এছ (F-490-S) ধৰি কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তনৰ বাবে গৱেষণাৰ অধীনত থকা ক'ৰনা ভাইৰাছৰ প্ৰকাৰৰ তালিকাত লেম্বডা প্ৰকাৰবিধক যোগ দিছে। পি.এইচ.ই. ৰ মতে, আজিলৈকে সমগ্ৰ দেশখনত 'লেম্বডা'ৰ মুঠ ছয়টা ঘটনা চিনাক্ত কৰা হৈছে, আৰু ইয়াৰে আটাইবোৰ বিদেশ ভ্ৰমণৰ সৈতে জড়িত ঘটনা।
আনহাতে, ব্ৰিটেইনৰ স্বাস্থ্য বিষয়াসকলে কয় যে, "বৰ্তমানলৈ লেম্বডা প্ৰকাৰবিধে অধিক গুৰুতৰ ৰোগ সৃষ্টি কৰে অথবা বৰ্তমানে প্ৰদান কৰা ভেকছিনবোৰৰ ক্ষেত্রত কাৰ্যকাৰিতা কমকৈ দেখুৱাই বুলি কোনো প্ৰমাণ নাই, আৰু লেম্বডা প্ৰকাৰবিধৰ আচৰণ সমূহ নিৰীক্ষণ কৰাৰ লগতে পৰিৱৰ্তনৰ প্ৰভাৱসমূহ ভালদৰে বুজিবলৈ পৰীক্ষাগাৰত পৰীক্ষা চলাই আছে বুলি পাব্লিক হেল্থ ইংলেণ্ডে জানিবলৈ দিয়ে।
Comments