গুৱাহাটী,৭ জুলাই:বিখ্যাত অভিনেতা দিলীপ কুমাৰৰ আকস্মিক মৃত্যুত সমগ্ৰ বিশ্বৰ লাখ লাখ অনুৰাগীয়ে শোক প্ৰকাশ কৰাৰ সমান্তৰালকৈ পাকিস্তানৰ পেছোৱাৰৰ পৈতৃক চহৰৰ লোকসকলও তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
দিলীপ কুমাৰৰ জন্ম ১৯২২ চনৰ ১১ ডিচেম্বৰত পেছোৱাৰৰ পুৰণি এলেকা খিচা খোৱানী বজাৰত হৈছিল আৰু জন্মৰ কেইবছৰমানৰ পিছত তেওঁৰ পৰিয়াল মুম্বাইলৈ গুচি গৈছিল। পেছোৱাৰৰ বহু নাগৰিকে টুইটাৰ একাউণ্ট যোগেৰে এইগৰাকী মহান অভিনেতালৈ গভীৰ শ্ৰদ্ধাঞ্জলি তথা সন্মান জনাইছে। লাখ লাখ মানুহে তেওঁ জন্ম হোৱা ঘৰটোৰ ফটো শ্বেয়াৰ কৰিছিল। পেছোৱাৰৰ কিছুমান সাংবাদিকেও তেওঁৰ সৈতে অহৰহ সংযোগ স্থাপন কৰি আহিছিল আৰু তেওঁক পেছোৱাৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল।
পাকিস্তান চৰকাৰে তেওঁক ১৯৯৭ চনত নিশান-ই-পাকিস্তান বঁটা প্ৰদান কৰিছিল, আনহাতে তেওঁ ১৯৯৮ চনত বঁটা সংগ্ৰহ কৰিবলৈ পাকিস্তানলৈ যাওঁতে পেছোৱাৰত থকা তেওঁৰ এই পুৰণি ঘৰটোলৈকো গৈছিল। প্ৰশাসনে তেওঁৰ এই ঘৰটোত ২০১৭ চনত সংগ্ৰহালয় নিৰ্মান কৰাৰ কথাও ঘোষণা কৰাৰ লগতে ঘৰটো অধিগ্ৰহণ কৰিছিল। ঘৰটোৰ গৰাকীয়ে দিলীপ কুমাৰৰ এই ঘৰটো ভাঙি প্লাজা বনাবলৈ চেষ্টা কৰিছিল, কিন্তু চৰকাৰে তেওঁক এনে কৰাত বাধা দিছিল।
Comments