Cartoon
View Older
গুৱাহাটী, ৭ জুলাই: অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত ৭২ তম বন মহোৎসৱ উপলক্ষে বৃক্ষ ৰোপণ কার্যসূচী্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক ভৱেশ কলিতাই গছপুলি ৰোপণ কৰে ।
উক্ত কার্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, কেবিনেট মন্ত্ৰী তথা কামৰূপ(গ্ৰাম্য) জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকে।
লগতে, গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, কামৰূপ(গ্রাম্য)জিলাৰ বিধায়ক আৰু বিধায়িকা সকলৰ লগতে, জিলা উপায়ুক্ত কৈলাস কাৰ্তিক এনসহ জিলাৰ উচ্চ পদস্থ বিষয়া সকল আৰু পৰিবেশ আৰু বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়-ববীয়া সকলো উপস্থিত থাকে।
Comments