গুৱাহাটী, ৫ জুলাই: মানুহে সাধাৰণতে খোৱা খাদ্যৰ তালিকাত বিভিন্ন খোৱা সামগ্ৰীৰ সংমিশ্ৰণ কৰা দেখা যায়। এই সংমিশ্রণে নিশ্চিতভাৱে এগৰাকী ব্যক্তিৰ পাচন তন্ত্ৰত বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলায়। ইয়াৰে কিছুমান সংমিশ্রণে পাচন তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাই নহয়, ই স্বাস্থ্যৰ বাবেও অতি হানিকাৰক হৈ উঠিব পাৰে। আয়ুৰ্বেদৰ মতে, প্ৰতিটো খাদ্যই হজম শক্তিৰ ওপৰত ভাল বা বেয়া দুয়োটা প্ৰভাৱ পেলায়। গতিকে এগৰাকী ব্যক্তি নিৰোগী হৈ থকাৰ বাবে সঠিক খাদ্যৰ সংমিশ্ৰণ জনাটো পৰা অতিকৈ গুৰুত্বপূৰ্ণ। কিছুমান খাদ্যৰ সংমিশ্ৰণৰ বিৰুপ প্ৰভাৱ পৰি শৰীৰৰ এনজাইম প্ৰণালীটো ব্যাহত কৰিব পাৰে। একে সময়তে, শৰীৰত বিষাক্ত পদাৰ্থৰ উৎপন্ন হৈ শৰীৰটোক ক্ষতিগ্রস্ত কৰিব পাৰে।
১. কণীৰ সৈতে নেমুটেঙা খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে
কিছুমান খাদ্যৰ সংমিশ্ৰণৰ ফলত শৰীৰত বহুটো অশ্বস্তিকৰ সমস্যাই দেখা দিয়ে। যেনে, বদহজম, গেছ উৎপন্ন হোৱা, আৰু আন বহুতো সমস্যা দেখা দিব পাৰে। গাখীৰৰ সৈতে নিমখ খোৱাটো অনুপযোগী। ইয়াৰ ফলত চৰ্দি আৰু এলাৰ্জিৰ দৰে সমস্যা দেখা দিব পাৰে। ঠিক তেনেদৰে, নেমুৰ সৈতে কণীৰ লগতে বহুতো বস্তু খাব নালাগে। ই স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
২. নেমু আৰু অমিতা
নেমুৰ সৈতে অমিতা ভুলক্রমেও গ্ৰহণ নকৰিব। ইয়াৰ ফলত আপোনাৰ হিমোগ্ল'বিনৰ ভাৰসাম্যতা কমিব পাৰে। একে সময়তে, আপুনি ৰক্তহীনতাত ভুগিব পাৰে। এই সংমিশ্ৰণটো শিশুৰ বাবে অতিকৈ বিপদজনক।
৩. নেমু আৰু দৈ
আয়ুৰ্বেদৰ তথ্য অনুসৰি, দৈৰ সৈতে নেমুটেঙা খোৱাটো অনুচিত। দুগ্ধজাত সামগ্ৰীবোৰ টেঙাজাতীয় ফলৰ সৈতে মিহলি কৰি খালে পাচন তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। একে সময়তে, শৰীৰত অধিক বিষাক্ত পদাৰ্থ উৎপন্ন হ'ব। আপুনি চৰ্দি, চাইনাছ বা এলাৰ্জিৰ সন্মুখীন দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে।
৪. গাখীৰ আৰু নেমু
টেঙা বস্তুবোৰ গাখীৰেৰে সংমিশ্ৰণ কৰিব নালাগে। ইয়াৰ ফলত বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে গাখীৰ খোৱাৰ প্ৰায় এঘণ্টা আগতে বা পিছত নেমু খাব।
৫. নেমুটেঙা আৰু বিলাহী
নেমুটেঙা সাধাৰণতে চালাডত বেছিকৈ ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিকৰ মতে, বিলাহীৰ ওপৰত নেমু বৃহৎ পৰিমাণত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত শৰীৰৰ পাচন তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে গ্ৰেষ্টিকৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
Comments