গুৱাহাটী, ৬ জুলাই: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আম প্ৰেৰণ কৰাৰ ঠিক এদিন পিছতে ত্ৰিপুৰাৰ মুখ্যমন্ত্রী বিপ্লব কুমাৰ দেৱলৈ উপহাৰ স্বৰূপে বাংলাদেশৰ প্ৰখ্যাত হৰিভাঙ্গা আম প্ৰেৰণ কৰিছে।
মুখ্যমন্ত্ৰী দেৱে বাংলাদেশৰ পৰা ৩০০ কেজি হৰিভাঙ্গা আম উপহাৰ স্বৰূপে গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আন্তৰিকতাৰে ধন্যবাদ জনাই টুইটাৰযোগে সদৰি কৰে যে, "ত্ৰিপুৰালৈ উপহাৰ স্বৰূপে এই আম প্ৰেৰণ কৰাত অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।" ইপিনে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈও এই আম প্ৰেৰণ কৰিছে।
হৰিভাঙ্গা আমবিধ বেনাপোল চেকপইণ্টৰ স্থলপথৰে কঢ়িয়াই অনা হৈছিল। খবৰ অনুসৰি, যোৱা দেওবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ বেনাপোল-পেট্ৰাপোল চেক পোষ্টত উক্ত আমখিনি আহি উপস্থিত হৈছিল। হৰিভাঙ্গা আমৰ খেতি বাংলাদেশৰ ৰংপুৰ জিলাত কৰা হয়। আনহাতে, বাংলাদেশৰ আন আমৰ উল্লেখযোগ্য প্ৰকাৰবোৰৰ ভিতৰত আছে গোপালবঘ, খিৰচাপত, হিমসাগৰ, মোহনভোগ, অমৰোপলী।
বাংলাদেশী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি হাছিনাই উত্তৰ-পূবৰ ৰাজ্য অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকললৈ আম প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। কিয়নো এই আটাইকেইখন ৰাজ্য বাংলাদেশৰ সৈতে সীমা সংলগ্ন হৈ আছে। বিগত বৰ্ষত বাংলাদেশৰ মৎস্য ব্যৱসায়ীসকলক দুৰ্গা পূজাৰ সময়ছোৱাত ১,৫০০ টন হিলচা মাছ ভাৰতলৈ ৰপ্তানি কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল।
Comments