গুৱাহাটী,৮ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পুঁজি প্ৰাপ্ত প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সঞ্চালকসকলৰ সৈতে বাৰ্তালাপ কৰে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হোৱা এই কথোপকথনত ১০০ ৰো অধিক প্ৰতিষ্ঠানৰ মুৰব্বী জড়িত আছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কয় যে কাৰিকৰী শিক্ষাৰে দেশৰ অনাগত প্ৰত্যাহ্বানৰ সৈতে আমি মোকাবিলা কৰিব লাগিব।তেওঁ লগতে কয় যে দেশ আৰু সমাজৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰিকৰী প্ৰতিষ্ঠানসমূহে নিজকে প্ৰস্তুত কৰিব লাগিব, প্ৰয়োজনত বিকল্প ব্যৱস্থাৰো প্ৰস্তুত কৰি উলিয়াব লাগিব। উদ্ভাৱনী মূলক আৰ্হি সৃষ্টি কৰি এনেদৰে ভাৰতৰ জনগণৰ হৈ কাম কৰি যাব লাগিব।
প্ৰধানমন্ত্ৰী মোডীয়ে ক'ভিড-১৯ৰ দ্বাৰা উত্থাপিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গৱেষণা আৰু উন্নয়নমূলক কামৰ বাবে এই প্ৰতিষ্ঠানসমূহক প্ৰশংসা কৰে৷ তেওঁ কয় যে আমাৰ প্ৰযুক্তি বিদ্যা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে অনাগত দশকত এক ডাঙৰ ভূমিকা পালন কৰিব৷ তেওঁ লগতে যুৱ উদ্ভাৱকসকলকো প্ৰশংসা কৰে৷
এই বাৰ্তালাপত নতুন শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপৰিও আইআইটি মুম্বাই, আইআইটি মাদ্ৰাজ, আইআইটি কানপুৰ আৰু আইআইএছচি বাংগালোৰৰ সঞ্চালকসকল উপস্থিত আছিল ।
Comments