গুৱাহাটী,৮ জুলাই:ক'ভিড-১৯, ব্লেক ফাংগাছৰ পিছত এইবাৰ কেৰালাত ধৰা পৰিল জিকা ভাইৰাছৰ সংক্ৰমণ। পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজিলৈ প্ৰেৰণ কৰা ১৩ টা নমুনাৰ ভিতৰত ১০ টা নমুনাই জিকা পজিটিভ হিচাপে প্ৰতিপন্ন হয় ।
কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয়,"এনআইভিলৈ প্ৰেৰণ কৰা নমুনাবোৰৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু শীঘ্ৰে ইয়াৰ ব্যৱস্থা লোৱা হ'ব।"
এই সকলো বোৰ সংক্ৰমণৰ ঘটনা তিৰুৱন্তপুৰমত সংঘটিত হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, জিকা ভাইৰাছ হৈছে এক মহৰ দ্বাৰা সংক্ৰমিত ফ্লেভিভাইৰাছ যাক ১৯৪৭ চনত উগাণ্ডাত বান্দৰৰ শৰীৰত প্ৰথম চিনাক্ত কৰা হৈছিল। পিছত ১৯৫২ চনত উগাণ্ডা আৰু তাঞ্জানিয়া গণৰাজ্যত মানুহৰ দেহত ইয়াক চিনাক্ত কৰা হৈছিল। আফ্ৰিকা, আমেৰিকা, এছিয়াটো জিকা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ লিপিবদ্ধ কৰা হৈছে।
যদিও জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত বেছিভাগ লোকৰ লক্ষণ বিকশিত নহয় কিন্তু তেওঁলোকৰ কিছুমানৰ জ্বৰ,কঞ্জাক্টিভাইটিছ, পেশী আৰু গাঁঠিৰ বিষ, বেয়া আৰু মুৰৰ বিষে দেখা দিয়ে। এইবোৰ সাধাৰণতে দেহত ২-৭ দিনৰ ভিতৰত পৰিলক্ষিত হয়।
Comments