গুৱাহাটী,৮ জুলাই:আজি সদৌ অসম ছাত্ৰ সন্থা,নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যাঙ্কনৰ ৫ নং দফাৰ চৰ্ত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা লৈছে।
৫ নং দফাত কোৱা হৈছিল যে এইচএছএলচি আৰু এইচএছৰ মাৰ্কশ্বীটবোৰ চৰকাৰী চাকৰিৰ বাবে বৈধ নহ'ব।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ সংগঠনসমূহৰ সৈতে হোৱা এই বৈঠকৰ পিছত কয় যে মূল্যাঙ্কনৰ চৰ্তৰ ৫ নং দফা প্ৰত্যাহাৰ কৰা হৈছে আৰু টেটকে ধৰি সকলো চৰকাৰী চাকৰিৰ বাবে এই মাৰ্কশ্বীটসমূহ বৈধ হ'ব।
শৰ্মাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে এই সকল ছাত্ৰ সংগঠনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিল, য'ত এই সিদ্ধান্তবোৰ লোৱা হৈছিল।
অসম ৰাজ্যিক পৰিষদৰ মূল্যাঙ্কন পদ্ধতিৰ ৫ নং দফাত আৰু উল্লেখ আছিল যে শিক্ষাৰ্থীসকলে চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সমতুল্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব যিটো এতিয়া বাতিল কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে কৈছিল যে এইবাৰ কোনো অসম ভিত্তিত স্থান নাথাকিব কিন্তু শিক্ষাৰ্থীসকলে ডিষ্টিংচন নম্বৰ পাব। তেওঁ লগতে কৈছিল যে চৰকাৰে ভৱিষ্যতে সিদ্ধান্ত ল'ব যে শিক্ষকপদৰ বাবে অন্য কোনো পৃথক পৰীক্ষা অনুষ্ঠিত কৰা উচিত নে অনুচিত।
এই বৈঠকত উপস্থিত থাকে আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ,সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা ।
Comments