গুৱাহাটী, ৯ জুলাই: ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে দেশৰ ১৭ খন ৰাজ্যক ৯,৮৭১ কোটি টকাৰ ৰাজহ ঘাটি অনুদানৰ চতুৰ্থ মাহিলী কিস্তি মুকলি কৰিছে, যাৰ ভিতৰত অসমক ৫৩১.৩৩ কোটি টকা আৱণ্টন কৰা হৈছে। অসমে বৰ্তমানলৈকে মুঠ ২১২৫.৩৩ কোটি টকা লাভ কৰিছে। এই কিস্তি মুকলি হোৱাৰ লগে লগে চলিত বিত্তীয় বৰ্ষত ৰাজহ ঘাটিৰ উদ্দেশ্যে ৰাজ্যসমূহক মুঠ ৩৯,৪৮৪ কোটি টকা ৰাজহ মুকলি কৰি দিয়া হৈছে।
উক্ত ৰাজহখিনি সংবিধানৰ অনুচ্ছেদ ২৭৫ ৰ অধীনত ৰাজ্যসমূহক প্ৰদান কৰা হৈছে। লগতে ৰাজহ মূল্যৰ ধন হস্তান্তৰৰ পিছত ৰাজ্যবোৰৰ ৰাজহ একাউণ্টৰ ব্যৱধান পূৰণ কৰাৰ বাবে মাহিলী কিস্তিত ১৫ তম বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি অনুদান মুকলি কৰা হৈছে। আয়োগে ২০২১-২২ বৰ্ষত ১৭ খন ৰাজ্যক পি ডি আৰ ডি অনুদানৰ পৰামৰ্শ আগবঢ়াইছে।
২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে মূল্যাঙ্কিত হস্তান্তৰ বিবেচনা কৰাৰ পিছত ৰাজ্যসমূহৰ ৰাজহ আৰু ব্যয়ৰ মূল্যাঙ্কনৰ মাজৰ ব্যৱধানৰ ওপৰত আধাৰিত কৰি আয়োগে এই অনুদান প্ৰাপ্ত কৰাৰ যোগ্যতা আৰু অনুদানৰ পৰিমাণ নিৰ্ধাৰণ কৰিছিল। আনহাতে, পঞ্চদশ বিত্ত আয়োগে ২০২১-২২ বিত্তীয় বৰ্ষত ১৭ খন ৰাজ্যক মুঠ ১,১৮,৪৫২ কোটি টকাৰ হস্তান্তৰৰ বাবে ৰাজহ ঘাটি অনুদানৰ পৰামৰ্শ আগবঢ়াইছে।
ইয়াৰ ভিতৰত, চাৰিটা কিস্তিত এতিয়ালৈকে ৩৯,৪৮৪ কোটি টকা অৰ্থাৎ ৩৩.৩৩ শতাংশ মুকলি কৰা দিয়া হৈছে। পঞ্চদশ বিত্ত আয়োগে এই অনুদানৰ বাবে পৰামৰ্শ দিয়া আন ১৬ খন ৰাজ্য ক্ৰমে; অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড আৰু পশ্চিম বংগ।
Comments