Cartoon
View Older
গুৱাহাটী, ৯ জুলাই: আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত কংগ্ৰেছ দলৰ প্ৰাক্তন জ্যেষ্ঠ নেতা অনিল ৰাজা, প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছ নেতা পংকজ বৰবৰাৰ লগতে অসমৰ বিভিন্ন জিলাৰ কংগ্ৰেছ কৰ্মী সকলৰ লগতে গুৱাহাটী মহানগৰীৰ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
উক্ত কার্যসূচীত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়, বেণুধৰ নাথ, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়াকে ধৰি ৰাজ্যিক বিষয়-ববীয়াসকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।
Comments