গুৱাহাটী,৮ জুলাই:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ হোৱা আলোচনাত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াই আটাইতকৈ বেছি শিৰোনাম দখল কৰিছে। কংগ্ৰেছৰ পৰা বিজেপি মধ্য প্ৰদেশলৈ উভতি অহা জ্যোতিৰাদিত্য সিন্ধিয়াই বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই কেবিনেট সম্প্ৰসাৰণত সিন্ধিয়াক অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হৈছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা টো হ'ল, ৩০ বছৰ আগতে তেওঁৰ দেউতাকে একেটা মন্ত্ৰণালয়ৰে দায়িত্ব লৈছিল।
গোৱালিয়ৰ ৰাজপৰিয়ালৰ অন্তৰ্ভুক্ত সিন্ধিয়া পঞ্চমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈছে। তেওঁৰ দেউতাক মাধৱৰাও সিন্ধিয়া এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আছিল। মাধৱৰাও সিন্ধিয়া পিভি নৰসিংহ ৰাওৰ চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰী আছিল। মাধৱৰাও সিন্ধিয়াই ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈ ৰাও চৰকাৰত অসামৰিক বিমান পৰিবহন আৰু পৰ্যটন মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল। পিছত ডঃ মনমোহন সিং চৰকাৰ্ৰ শক্তি মন্ত্ৰী (স্বতন্ত্ৰ)ৰ দায়িত্বত আছিল। জ্যোতিৰাদিত্যই এতিয়া তেওঁৰ দেউতাকৰ দৰেই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ দায়িত্ব ল'ব।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, মাধৱৰাও সিন্ধিয়া আৰু জ্যোতিৰাদিত্য দুয়োজনে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ আগতে কেন্দ্ৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ত অধিষ্ঠিত হোৱাৰ আগতে দেউতাক মাধৱৰাৱে ৰাজীৱ গান্ধী চৰকাৰত ৰেল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে, পুত্ৰ জ্যোতিৰাদিত্যই মনমোহন চৰকাৰত যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। জ্যোতিৰাদিত্যক ডাক ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে কৃতিত্ব দিয়া হয়।
Comments