গুৱাহাটী, ৮ জুলাই: অলিম্পিকৰ প্ৰাকমূহুৰ্তত জাপানত ক'ৰনা সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ আশংকা কৰি চৰকাৰে খেল সমাপ্তি হোৱাৰ পূৰ্বে ক'ভিড জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজি ৰাতিপুৱা বিশেষজ্ঞ সকলৰ সৈতে হোৱা এক বৈঠকত চৰকাৰী বিষয়াসকলে ১২ জুলাইৰ পৰা ২২ আগষ্টলৈ দেশখনত জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ প্ৰস্তাৱ দিছিল।
উক্ত প্ৰস্তাৱত বিষয়াসকলে আৰু উল্লেখ কৰি কৈছিল যে, "জৰুৰীকালীন সময়ছোৱাত কোনো বিদেশী দৰ্শনাৰ্থীসকলে প্ৰৱেশ কৰিব নোৱাৰিব আৰু ছয় সপ্তাহৰ জৰুৰীকালীন অৱস্থাৰ সময়চোৱাত স্থানীয় দৰ্শককো খেল উপভোগ কৰিবলৈ অনুমতি দিয়া নহ'ব। আনহাতে, শুক্ৰবাৰে উচ্চ পৰ্যায়ৰ বিষয়াসকলে স্থানীয় আয়োজক সকল তথা আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতি আৰু অন্যান্য প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰাৰ পিছত দৰ্শকৰ প্ৰৱেশ কৰিব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।
টকিঅ'ত ক'ৰনা সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা নাই যদিও, চহৰখনত বৰ্তমানে খুব কঠোৰ প্ৰট'কল জাৰি কৰা হোৱা নাই, আৰু বাৰ-ৰেষ্টুৰেণ্টবোৰৰ ক্ষেত্ৰতো কোনো ধৰণৰ খোলা অথবা বন্ধ কৰাৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই। ইপিনে, দেশখনৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাই আজি সন্ধিয়া অলিম্পিকৰ বিষয়ক লৈ এখন জৰুৰী বৈঠক ঘোষণা কৰাৰ সম্ভাৱনা আছে। উক্ত বৈঠকত আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি থমাছ বাখ উপস্থিত হোৱাৰ কথা আছে। আনহাতে খেলৰ তিনিদিনৰ পূর্বে খেলুৱৈসকলে চহৰখনৰ পঞ্চতাৰকা হোটেলৰ এটা পৃথক কোঠাত থাকিব লাগিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।
ক'ৰনা মহামাৰী আৰম্ভ হোৱাৰ পিছত এইটো জাপানৰ চতুৰ্থ জৰুৰীকালীন অৱস্থা হ'ব। টকিঅ' চহৰত বিগত সপ্তাহত ৭১৪ টা ক'ভিড আক্রান্ত ঘটনাৰ তুলনাত যোৱাকালি ৯২০ টা নতুন সংক্ৰমণৰ ঘটনা চিনাক্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
Comments