গুৱাহাটী, ৮ জুলাই: গাখীৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু ভিটামিন-ডি পোৱা যায়, যি শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক লোকসকলকো যথেষ্ট লাভান্বিত কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, "যদি শৰীৰত শক্তিৰ অভাৱ হয়, তেতিয়া এগিলাচ গাখীৰে পুনৰ দেহলৈ শক্তি যোগান ধৰিব পাৰে। লগতে বিশেষজ্ঞ সকলে কয় যে, দিনৰ পৰিৱৰ্তে ৰাতি টোপনি যোৱাৰ পূৰ্বে এগিলাচ গাখীৰ খাই শুলে, ই আপোনাৰ দিনটোৰ ভাগৰ আঁতৰ কৰাৰ লগতে ভাল টোপনি আহে বুলিও গণ্য কৰা হয়।
কিন্তু বৰ্তমান দিনত গাখীৰ বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰা হয়। যি স্বাস্থ্যৰ বাবে অতি বিপদজনক। আয়ুৰ্বেদৰ মতে, গাখীৰ ঠাণ্ডা অৱস্থাত আহাৰৰ সৈতে খালে, ই পাচন তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন ধৰণৰ সমস্যা যেনে এলাৰ্জি আদি হ'ব পাৰে।
সেয়েহে জানক, কোনবিধ খাদ্য সামগ্রীৰ সৈতে গাখীৰ খোৱা অনুপযোগী:
কল আৰু গাখীৰ
আয়ুৰ্বেদৰ মতে, গাখীৰৰ সৈতে কল খালে শৰীৰত বিষক্ৰিয়া হ'ব পাৰে যাৰ ফলত শৰীৰৰ বহুতো কাৰ্য যেনে হজম প্ৰণালী আদি ব্যাহত হ'ব পাৰে। একে সময়তে, শৰীৰতো গধুৰ গধুৰ অনুভৱ হ'ব পাৰে। যাৰ ফলত ব্যক্তিগৰাকীৰ মগজুৰ কাৰ্যক্ষমতা লেহেমীয়া হ'ব পাৰে। গতিকে গাখীৰ খোৱাৰ আধা ঘণ্টা পিছতহে কল খোৱাটো উপকাৰী।
গাখীৰ আৰু চেৰী
বহুতো লোকৰ গাখীৰৰ চৰৱতত চেৰী যোগ দি খোৱাৰ অভ্যাস আছে। আয়ুৰ্বেদৰ মতে, ই স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে, গাখীৰ খোৱাৰ প্ৰায় ১-২ ঘণ্টা পিছতহে চেৰী খাব লাগে।
গাখীৰ আৰু টেঙাজাতীয় ফল
আয়ুৰ্বেদৰ মতে, গাখীৰৰ লগত কমলা, নেমু, সেউজীয়া আপেল, তামোল, আমলখি, আনাৰস আদিৰ দৰে টেঙাজাতীয় ফল খোৱাটো অনুচিত। দৰাচলতে, এনেধৰণৰ ফলবোৰত ভিটামিন চি তথা চাইট্ৰিক এচিড পোৱা যায়। যিটো গাখীৰৰ সৈতে খোৱাটো একেবাৰে অনুপযোগী। ইয়াৰ ফলত পেটত তীব্ৰ গেছৰ সমস্যা হ'ব পাৰে। যাৰ ফলত শৰীৰৰ হজম শক্তিও কমি যাব পাৰে।
গাখীৰ আৰু দৈ
আয়ুৰ্বেদৰ মতে, গাখীৰ আৰু দৈ একেলগে খাব নালাগে। ই শৰীৰৰ পাচন তন্ত্ৰ দুৰ্বল কৰি তুলিব পাৰে। লগতে ইয়াৰ ফলত পেটৰ সমস্যা হ'ব পাৰে।
গাখীৰ আৰু নিমখীয়া বস্তু
আয়ুৰ্বেদৰ মতে, গাখীৰৰ সৈতে নিমখীয়া সামগ্ৰী যেনে চানা, বিস্কুট, বা অন্য ভজা খাদ্য খোৱাটো শৰীৰৰ বাবে অপকাৰী। ইয়াৰ ফলত শৰীৰত ছালৰ সমস্যা হ'ব পাৰে।
গাখীৰ আৰু মাংস
মাছ-মাংসও গাখীৰৰ সৈতে খাব নালাগে। ইয়াৰ ফলত শৰীৰত এলাৰ্জি হ'ব পাৰে। আয়ুৰ্বেদৰ মতে, গাখীৰ আৰু মাংস দুয়োবিধ খাদ্যতে প্ৰ'টিনেৰে সমৃদ্ধ। সেয়েহে দুয়োবিধ খাদ্য একেলগে খালে হজম শক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে পেটত নানান সমস্যা সৃষ্টি হ'ব পাৰে।
Comments