Cartoon
View Older
গুৱাহাটী,১১ জুলাই:অষ্ট্ৰেলিয়াৰ ৱিমেনছ বিগ বেশ্ব লীগৰ ক্ৰিকেটাৰ এশ্ব বাৰ্টীয়ে দখল কৰিলে উইম্বলডন-২০২১ৰ খিতাপ। শনিবাৰে মহিলাৰ ফাইনেলত বিশ্বৰ এক নম্বৰ বাছনিপ্ৰাপ্ত বাৰ্টীয়ে চেক গণৰাজ্যৰ কেৰোলিনা প্লিচকোভাক ৬-৩, ৬-৭ (৪-৭), ৬-৩ ছেটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডনৰ খিতাপ দখল কৰে। এইটো বাৰ্টীৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ। দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
প্ৰথম ছেটৰ পৰাই শক্তিশালীভাৱে খেলা বাৰ্টীয়ে অৱশ্যে দ্বিতীয় ছেটত পিছ পৰিছিল।টাইব্ৰেকাৰত জয়লাভ কৰি মেচখন তৃতীয় ছেটলৈ লৈ যায়। খেলখনত বাৰ্টীয়ে আৰম্ভণিৰে পৰাই নিজৰ আধিপত্য দেখুৱাই অৱশেষত খিতাপ অৰ্জন কৰিছিল।২০১৯ চনৰ ফ্ৰেঞ্চ অপেন বিজয়ী ২৫ বছৰীয়া বাৰ্টীৰ এয়া দ্বিতীয়টো গ্ৰেণ্ড শ্লেম বিজয়।
Comments