Classifieds
View All
ফটো:চৈয়দ ছালাউদ্দীনৰ পুত্ৰ
গুৱাহাটী,১১ জুলাই: দেশবিৰোধী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদীৰে থকা সম্পৰ্কৰ অভিযোগত জম্মু-কাশ্মীৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী চৈয়দ ছালাউদ্দিনৰ দুই পুত্ৰকে ধৰি ১১ জন চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। উক্ত কৰ্মচাৰীসকলক সন্ত্ৰাসবাদীৰ পুঁজি, বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ দৰে দেশদ্ৰোহী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ কথা গম পোৱা গৈছিল।
সংবিধানৰ ৩১১ অনুচ্ছেদৰ অধীনত গোচৰসমূহ পুনৰীক্ষণ ৰখাৰ বাবে গঠন কৰা সমিতিখনে দুখন পৃথক সভাত এই ১১ জন কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পৰামৰ্শ দিছিল। পাকিস্তানত বাস কৰা হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাউদ্দিনৰ পুত্ৰ চৈয়দ আহমেদ চাকিল আৰু শ্বাহিদ ইউছুফকো বৰ্খাস্ত কৰা হৈছে। তেওঁলোক দুয়ো সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰাৰ গোচৰত জড়িত হৈ আছিল।
Comments