Cartoon
View Older
গুৱাহাটী, ১০ জুলাই: উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত এটি বৃহৎ ডকাইতি কাণ্ড সংঘটিত হৈছে। দিন-দুপৰতে দুজনীয়া ডকাইতৰ দলটোৱে আহি ষ্টেট বেংকৰ চিএছপি এজেণ্টৰ পৰা ৩ লাখ টকা টকা লুটি লৈ যায়।
ষ্টেট বেংকৰ এজন চিএছপি (CSP) এজেণ্টে নগদ ৩ লাখ টকা লৈ গুৱাহাটীলৈ আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ডকাইত দুজনে এখন বাইকত আহি পথৰ কাষত থকা ষ্টেট বেংকৰ চিএছপি (CSP) এজেণ্টক আগুৰি ধৰি ডকাইতি কাণ্ড সংঘটিত কৰে।
চিএছপি (CSP) এজেণ্টজনে ষ্টেট বেংক-এক্সিছ বেংকৰ পৰা নগদ ৩ লাখ টকা লৈ যোৱা সময়তে ঘটনাটো সংঘটিত হোৱা বুলি এজেন্টজনে আৰক্ষীক অৱগত কৰায়।
Comments