গুৱাহাটী, ১০ জুলাই: বলীউডৰ তাৰকা দম্পতী কৰীণা কাপুৰ খান আৰু চেইফ আলী খানৰ চলিত বৰ্ষত জন্ম পোৱা তেওঁলোকৰ দ্বিতীয়টো পুত্ৰ সন্তানৰ নাম "জেহ" ৰাখিছে বুলি প্ৰবীণ অভিনেতা ৰণধীৰ কাপুৰে জানিবলৈ দিয়ে। কৰীণা কাপুৰে ২০২০ চনৰ আগষ্ট মাহত গৰ্ভধাৰণৰ কথা জানিবলৈ দিছিল আৰু পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত তেওঁলোকৰ দ্বিতীয়টো সন্তানে জন্ম লাভ কৰিছিল।
৪০ বছৰীয়া কৰীণা কাপুৰ খান আৰু ৫০ বছৰীয়া চৈফৰ ২০১৬ চনৰ ২০ ডিচেম্বৰ তাৰিখে তেওঁলোকৰ প্ৰথম সন্তান তৈইমুৰে জন্ম লাভ কৰিছিল আৰু সামাজিক মাধ্যমত তেওঁলোকৰ প্ৰথম সন্তানৰ নামটোক লৈ ব্যাপক চৰ্চা হোৱা দেখা গৈছিল।
পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা চেইফৰ প্ৰথমা পত্নী তথা অভিনেত্রী অমৃতা সিঙৰ সৈতে দুটা সন্তান আছে। এগৰাকী ২৫ বছৰীয়া কন্যা সন্তান চাৰা আলী খান আৰু আন গৰাকী ২০ বছৰীয়া পুত্ৰ সন্তান ইব্ৰাহিম আলী খান।
আনহাতে, বৰ্তমান সামাজিক মাধ্যমত অনুৰাগী সকলে চেইফ-কৰীণাৰ দ্বিতীয় সন্তানটোক আৰ্শীবাদ আৰু মৰমৰ শুভেচ্ছা প্ৰদান কৰিছে।
Comments