Classifieds
View All
গুৱাহাটী,১৩ জুলাই:সদ্যপদত্যাগী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিগত কেইদিনমান ধৰি সংবাদ শিৰোনাম দখল কৰি আহিছে । অসম বিধানসভাৰ উপ-নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে উদাত্ত হৈ পৰিছে ৰূপজ্যোতিৰ কণ্ঠ ।
তেওঁ আজি সংবাদমাধ্যমৰ আগত বিৰোধীক উপলুঙা কৰি কয়,“দহজন অখিল গগৈ, দহজন গৌৰৱ গগৈ, দহজন ৰকিবুল হুছেইন বা দহজন ৰিপুণ বৰায়ো মোক হৰুৱাব নোৱাৰে।সমষ্টিৰ ৰাইজৰ গৰিষ্ঠসংখ্যকে মোক ভোট দি আহিছে, এইবাৰো দিব। সেইবাবে এইবাৰো মইয়ে জয়ী হ’ম।”
এই দাবী মৰিয়নীৰ পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।কেইদিনমান আগতে বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীক উপ নিৰ্বাচনত জিকিবলৈ দিয়া নহ’ব বুলি অখিল গগৈৰ হুংকাৰৰ বিপৰীতে এই মন্তব্য প্ৰদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।
Comments