Classifieds
View All
গুৱাহাটীঃ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা গৰু সুৰক্ষা বিধেয়কক আদৰণি জনাইছে।
কুৰ্মীয়ে কৈছিল, "গৰুৱে আমাক গাখীৰ দিয়ে আৰু আমি গৰুৰ পূজা কৰোঁ। ই আনকি খেতি কৰাতো সহায় কৰে। আমি ইয়াক হত্যা আৰু খাদ্য হিচাপে গ্ৰহণ কৰাটো অপৰাধ । সেয়েহে পবিত্ৰ গৰু খোৱাটো গ্ৰহণযোগ্য নহয়"।
তেওঁ লগতে কয় যে প্ৰায় ৮০ শতাংশ লোকে বিধেয়কখনক আদৰণি জনাব আনহাতে এআইইউডিএফকে ধৰি বাকী বিশ শতাংশলোকে বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰে।
ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ২০-২৫ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব । অখিল গগৈ আৰু কংগ্ৰেছ ইমান সময়ত নিঃশেষ হৈ যাৱ।
Comments