Choose Language

  • All  
  • English
  • অসমীয়া

এইসকল লোকে কল খোৱাৰ পৰা বিৰত থাকিব; নহ'লে শৰীৰত পৰিব বিৰূপ প্ৰভাৱ: জানক পাৰ্শ্বক্ৰিয়াসমূহ


Published on July 13, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

সুস্থ লোকৰ শৰীৰত ইউৰিক এচিডৰ স্তৰ কিমান হোৱা উচিত? জানক কাৰণ, লক্ষণ আৰু প্ৰতিৰোধ


Published on July 12, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১২ জুলাই:
ইউৰিক এচিড হৈছে শৰীৰত থকা এক অপকাৰী পদাৰ্থ। যি গাঁঠি আৰু কোষসমূহত জমা হৈ তীব্র যন্ত্ৰণা দিয়ে। ই আৰ্থ্ৰাইটিছৰ, হৃদৰোগকে ধৰি বহুতো ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে। পিউৰিন নামৰ এক ৰাসায়নিক পদাৰ্থ প্ৰাকৃতিকভাৱে শৰীৰত থাকে, লগতে কিছুমান খাদ্যত থাকে। যেতিয়া শৰীৰে পিউৰিন হজম হৈ যায় তেতিয়া অতিৰিক্ত পদাৰ্থৰ ৰূপত ইউৰিক এচিড ওলাই যায়। ইয়াক সাধাৰণতে বৃক্কৰ দ্বাৰা ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰত বাহিৰলৈ নিৰ্গত কৰা হয়। 

যেতিয়া তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয়, ইয়াৰ ফলত গাঁঠিৰ তীব্র বিষ হ'বলৈ আৰম্ভ কৰে। 

মহিলা আৰু পুৰুষ সাপেক্ষে ইউৰিক এচিড ধৰণ:

স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে শৰীৰত কিছু পৰিমাণৰ ইউৰিক এচিড থকাটো স্বাভাৱিক। অৱশ্যে, যদি ইয়াৰ স্তৰ উচ্চ বা নিম্ন হয়, ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। উচ্চস্তৰৰ ইউৰিক এচিডে গাঁঠিৰ বিষৰ আশংকা বৃদ্ধি কৰে। আনহাতে, নিম্ন স্তৰৰ ইউৰিক এচিডৰ সমস্যা সাধাৰণতে দেখা নাযায়। 

সুস্থ শৰীৰত থাকিবলগীয়া ইউৰিক এচিডৰ পৰিসৰ:

বিশেষজ্ঞসকলৰ মতে, পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ইউৰিক এচিডৰ পৰিমাণ পৃথক হ'ব পাৰে। পুৰুষৰ ক্ষেত্ৰত, যদি ইয়াৰ স্তৰ ২.৫ মিলি গ্ৰাম তাতকৈ কম হয়, ইয়াক নিম্ন ইউৰিক এচিড বুলি গণ্য কৰা হয়। আনহাতে, মহিলাৰ ক্ষেত্ৰত নিম্ন ইউৰিক এচিড ২.৫ মিলি গ্ৰাম স্তৰক কোৱা হয়। ইয়াৰ উপৰিও, পুৰুষৰ ২.৫ ৰ পৰা ৭.০ মিলিগ্ৰামৰ ভিতৰত থাকিব লাগে আৰু মহিলাৰ ক্ষেত্রত ১.৫ পৰা ৬.০ মিলিগ্ৰামৰ ভিতৰত থাকিব লাগে।

ইউৰিক এচিড বৃদ্ধি হোৱাৰ কাৰণ:

ইউৰিক এচিড বৃদ্ধিৰ কাৰণ সাধাৰণতে আহাৰৰ ফলত, মেদবহুলতা, ৰোগ আৰু আনুবংশিকভাৱেও হ'ব পাৰে। যিসকলৰ বৃক্ক বেয়া, অতিকৈ সুৰা পান কৰে, ৰক্তচাপ বৃদ্ধি হোৱা, ডায়েবেটিচ ৰোগী, পিউৰিন প্ৰটিন থকা অধিক খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়। 

ইউৰিক এচিডৰ মাত্ৰা বেছি হোৱাৰ ফলত গাঁঠিৰ বিষ, ভৰি- হাত ফুলা, বৃক্কৰ পাথৰ হোৱা, পিঠিৰ বিষ, জ্বৰ, ৰক্তক্ষৰণ বা প্ৰস্ৰাৱৰ দুৰ্গন্ধ আদি সমস্যাই দেখা দিব পাৰে।


Published on January 1, 1970|News Source :
most read news
    Cartoon
    View Older

     

    September 19, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account