গুৱাহাটী, ১৩ জুলাইঃ বিহাৰৰ পঞ্চায়ত ৰাজ মন্ত্ৰী সম্ৰাট চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ এখন আইন প্ৰৱৰ্তন কৰিবলৈ গৈ আছে যাৰ অধীনত দুটাতকৈ অধিক সন্তান থকা এজন ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকিব লাগিব।
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উক্ত বিষয় সন্দৰ্ভত কয় যে, "নতুন জনসংখ্যা নিয়ন্ত্ৰণ নীতিয়ে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাত সহায় নকৰে। জনসংখ্যা নিয়ন্ত্রণ কেৱল শিক্ষা আৰু মহিলাসকলক সজাগতা কৰিহে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ।
মুখ্যমন্ত্রী গৰাকীয়ে লগতে কয় যে, "বিহাৰত বৰ্তমান চহৰৰ পঞ্চায়তসমূহত এখন সুকীয়া আইন প্ৰণয়ন কৰা হৈছে, য'ত দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীসকলক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত অযোগ্য হিচাপে ঘোষণা কৰা হৈছে। এই আইন গাওঁ পঞ্চায়তসমূহতো প্ৰৱৰ্তন কৰাৰ কাম চলি আছে।
এই আইন ৰূপায়ণ হ'বলৈ আৰু প্ৰায় এবছৰ সময় লাগিব। ইয়াৰ মাজতে চৰকাৰে আশা কৰিছ যে বিহাৰত পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'ব। লগতে নতুন আইনখন ২০২৬ চনৰ পঞ্চায়ত নিৰ্বাচনৰ পৰা কাৰ্যকৰীকৰণ কৰা হ'ব।
শেষত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, এনেধৰণৰ জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কীয় আইনে দেশত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণত শক্তিশালী ভূমিকা লোৱাত সহায় কৰিব পাৰে।"
Comments