Choose Language

  • All  
  • English
  • অসমীয়া

ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক কোন হ'ব! কোনে ল'ব পাৰিব ৰবি শাস্ত্ৰীৰ স্থান! 


Published on July 13, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ৰজনীকান্তই ত্যাগ কৰিলে ৰাজনৈতিক জীৱন; লগতে ক'লে ৰাজনীতিত অংশগ্ৰহণৰ কোনো অভিপ্ৰায় নাই! কিন্তু কিয়? 


Published on July 13, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৩ জুলাই: দাক্ষিণাত্যৰ চিনেমা জগতৰ মহাতাৰকা অভিনেতা ৰজনীকান্তই কালি ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লৈ নিজ দল ৰজনী মক্কাল মান্দ্ৰম (আৰএমএম)ক ভংগ কৰে। কিয়নো তেওঁ ভৱিষ্যতে ৰাজনীতিত জড়িত নোহোৱাৰ সিদ্ধান্ত পুনৰাবৃত্তি কৰিছে।

আৰ.এম.এম. কাৰ্য্যালয়ৰ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকৰ অন্তত, অভিনেতাজনে এক বিবৃতিত কয় যে, "বিভিন্ন পৰিস্থিতিৰ বাবে, আমাৰ এটা ৰাজনৈতিক দল আৰম্ভ কৰাৰ ইচ্ছা সম্ভৱ হোৱা নাছিল। ভৱিষ্যতেও ৰাজনীতিত জড়িত হোৱাৰ মোৰ কোনো অভিপ্ৰায় নাই, সেয়েহে মই আপোনালোকক জনাইছো যে ৰজনী মক্কাল মন্দ্ৰম ভংগ কৰি দিয়া হ'ব আৰু ই ৰাজহুৱা সেৱাৰ বাবে ৰজনীকান্ত ৰচিগৰ নৰপানী মন্দ্ৰম (ৰজনীকান্ত অনুৰাগী সেৱা মঞ্চ) হিচাপে কাম কৰি থাকিব।"

লগতে তেওঁ কয় যে, "কাৰ্য্যালয়ৰ কৰ্মকৰ্তাসকল আৰু মোৰ অনুৰাগীসকলৰ মনত নিশ্চয় প্ৰশ্ন উদয় হ'ব যে আৰএমএম দলৰ কাম অব্যাহত থাকিব লাগে নে নাই। লগতে দলটোৰ কৰ্তব্যবোৰ কি? ভৱিষ্যতে মই ৰাজনীতিত প্ৰৱেশ কৰিম নে নকৰো। এই সকলো প্ৰশ্নৰ উত্তৰসমূহ মই আৰএমএমৰ কাৰ্য্যালয়ৰ সৈতে আলোচনা কৰিম আৰু আপোনালোকক নিশ্চয় জনাম।"
 

Cartoon
View Older

 

August 10, 2022


Entertainment
View Older


From Our Archive

Create Account