গুৱাহাটী,১২ জুলাই: বেলজিয়ামত এগৰাকী ৯০ বছৰীয়া মহিলা একে সময়তে ক'ৰনা ভাইৰাছৰ আলফা আৰু বিটা দুয়োটা প্ৰকাৰৰ দ্বাৰা আক্রান্ত হৈ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, আৰু ইয়াক লৈ বিজ্ঞানীসকল চিন্তিত হৈ পৰাৰ লগতে এই বিৰল ঘটনাটোক মূল্যায়ন কৰা হ'ব বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে।
মহিলাগৰাকীৰ ছিটাকৰণ কৰোৱা হোৱা নাছিল আৰু ঘৰত অকলে বসবাস কৰিছিল। ইপিনে মাৰ্চ মাহত দীৰ্ঘ দিনৰ পৰা জ্বৰত ভুগি থকা মহিলাগৰাকী অচেতন হৈ পৰি যোৱাৰ পিছত বেলজিয়ামৰ আলষ্ট চহৰৰ অ'এলভি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু একেদিনাই ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত কৰা হৈছিল। যদিও প্ৰথমাৱস্থাত মহিলাগৰাকীৰ অক্সিজেনৰ স্তৰ ভাল আছিল, কিন্তু পৰৱৰ্তী সময়ত অক্সিজেনৰ মাত্ৰা দ্ৰুতগতিত অৱনতি হৈ পাঁচ দিন পিছত মহিলাগৰাকীৰ মৃত্যু হয়।
পৰৱৰ্তী সময়ত চিকিৎসকে মহিলাগৰাকীক ভালদৰে নিৰীক্ষণ কৰাত উদ্বেগজনকভাৱে আলফা আৰু বিটা দুয়োটা প্ৰকাৰ মহিলাগৰাকীৰ দেহত পাইছিল। উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ওপৰত গৱেষণা চলাই থকা অ'এলভি চিকিৎসালয়ৰ আণৱিক জীৱবিজ্ঞানী এনি ভানকীৰবাৰ্গেনে কয় যে, "দুয়োটা প্ৰকাৰ সেই সময়ত বেলজিয়ামত সিঁচৰিত হৈ আছিল, সেয়েহে মহিলাগৰাকী দুজন বেলেগ মানুহৰ দ্বাৰা ভাইৰাছৰ দুটা প্ৰকাৰৰ সহ-সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে।"
পূর্বেও গৱেষকসকলে ইনফ্লুৱেঞ্জাৰ একাধিক প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ প্ৰমাণ পাইছিল। আনহাতে, উক্ত ঘটনাটোৰ পৰা জানিব পৰা গৈছে যে অন্য কোনোবো লোক সহ-সংক্ৰমণৰ দ্বাৰা আক্রান্ত হ'ব পাৰে। বিগত জানুৱাৰী মাহত ব্ৰাজিলৰ বিজ্ঞানীসকলে জনাইছিল যে দুজন লোক একেসময়তে কৰ'নাভাইৰাছৰ দুটা পৃথক প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছিল, কিন্তু অধ্যয়নটো এতিয়াওএতিয়াও কোনো বৈজ্ঞানিক আলোচনীত প্ৰকাশ হোৱা নাই।
ইউৰোপীয় ইউনিয়নৰ বেছিভাগ অঞ্চলৰ দৰে বেলজিয়ামেও চলিত বৰ্ষৰ আৰম্ভণিত ভেকছিন প্ৰদান কৰাত সমস্যাৰ সন্মুখীন হৈছিল আৰু ছিটাকৰণ কাৰ্যসূচীও লাহে লাহে আৰম্ভ হৈছিল, অৱশ্যে ইউৰোপীয় ইউনিয়নে এতিয়া ৭০ শতাংশ জনসংখ্যাক আৱৰি লবলৈ সক্ষম হৈছে।
Comments