গুৱাহাটী, ১২ জুলাই: গুজৰাটৰ আহমেদাবাদস্থিত চি আই এম এছ চিকিৎসালয়ত অত্যন্ত প্ৰত্যাহ্বানৰে এটি চিকিৎসকৰ দলে ২৪ দিনীয়া ৭০০ গ্ৰাম ওজনৰ এটি নৱজাতকৰ সফলতাৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হৈছে। কণমানি শিশুটি এক জটিল হৃদৰোগত আক্ৰান্ত হৈ আছিল, যাৰ ফলত শিশুটিৰ দেহত সঞ্চালিত হৈ থকা তেজ গোটেই শৰীৰলৈ যোৱাৰ বিপৰীতে পুনৰ হাঁওফাঁওলৈ ঘূৰি আহিছিল। সেয়েহে অন্য বিকল্প উপায় নোহোৱাত চিকিৎসকসকলে শিশুটিক শেষত অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।
উক্ত অস্ত্ৰোপচাৰ সন্দৰ্ভত চি আই এম এছ চিকিৎসালয়ৰ হৃদযন্ত্রৰ শল্য চিকিৎসক ডাঃ শৌনক শ্বাহে জানিবলৈ দিয়ে যে, "সময়ৰ পূর্বে জন্ম হোৱা হেতুকে শিশুটিৰ অস্ত্ৰোপচাৰ অত্যন্ত জটিল আছিল। তথাপিওঁ আমাৰ চিকিৎসকৰ দলটোৱে এই জটিল অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন কৰি বহু পৰিমাণে উৎফুল্লিত হৈ পৰিছিল।"
শেষত চিকিৎসক গৰাকীয়ে কয় যে, "অকালতে জন্ম হোৱা আৰু কম ওজন হোৱা হেতুকে শিশুটিৰ শিশুটিৰ হঠাতে উষ্ণতা কম বেছি হোৱা কাৰণে" চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ দলটোৱে অস্ত্ৰোপচাৰৰ সময়ত এয়াৰ কণ্ডিচনাৰ অন কৰা নাছিল আৰু কেঁচুৱাটোক গৰম কৰি ৰখাৰ সময়ত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল।"
Comments