গুৱাহাটী, ১২ জুলাই: বলীউডৰ জনপ্রিয় অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট ক'হলীৰ জীয়ৰী ভামিকাই ছয় মাহ বয়সত উপনীত হৈছে।
যদিও স্নেহময়ী দম্পতীহালে এতিয়াও তেওঁলোকৰ অনুৰাগীসকলৰ সৈতে তেওঁলোকৰ জীয়েকৰ ফটো অনুৰাগীসকলৰ বাবে সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিৰত আছে, কিন্তু অনুষ্কাই ভামিকাৰ জন্মদিন উদযাপনৰ কিছু দৃশ্যাংশ শ্বেয়াৰ কৰিছে।
অভিনেত্ৰী অনুস্কাই ব্যক্তিগত ইনষ্টাগ্ৰামত গৈ স্বামী বিৰাটৰ সৈতে জীয়েকৰ জন্মদিন উদযাপনৰ কেইখনমান ফটো পোষ্ট কৰি লিখিছিল, "তেওঁৰ এটা হাঁহিয়ে আমাৰ গোটেই পৃথিৱীখন সলনি কৰিব পাৰে! মই আশা কৰোঁ যে আপোনালোকে আমালৈ যি প্ৰেমৰ দৃষ্টিভংগীৰে চায় আমি সদায়ে প্ৰেমৰ বান্ধোনৰ সৈতে জীয়াই থাকিবলৈ প্ৰেৰণা লাভ কৰো। আমাৰ কণমানি জনীৰ ৬ মহীয়া হোৱাত শুভেচ্ছা বাৰ্তা জনোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।"
অনুষ্কা আৰু বিৰাটৰ জীয়ৰী ভামিকাৰ ২০২১ চনৰ ১১ জানুৱাৰীত জন্ম হৈছিল।
Comments