গুৱাহাটী,১২ জুলাই:ছাৰ্বিয়ান টেনিছ খেলুৱৈ তথা ডিফেণ্ডিং চেম্পিয়ন ন'ভাক জক'ভিচে বছৰটোৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম উইম্বলডনৰ বিজয়ীৰ খিতাপ দখল কৰিছে। দেওবাৰে তিনি ঘণ্টা ২৩ মিনিট ধৰি চলা এই ফাইনেলত তেওঁ ইটালীৰ বেৰাটিনিক ৬-৭, ৬-৪, ৬-৪, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰে। এইটো তেওঁৰ ষষ্ঠ উইম্বলডন খিতাপ, আনহাতে ব্যক্তিগত ভাবে বিংশতম গ্ৰেণ্ড শ্লেম। ইয়াৰ লগে লগে তেওঁ ৰজাৰ ফেডাৰেৰ আৰু ৰাফেল নাদালৰ অভিলেখৰ স্পৰ্শ কৰে।
আনহাতে অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগৰ ক্ৰিকেটাৰ এশ্ব বাৰ্টিয়ে দখল কৰিলে উইম্বলডন-২০২১ৰ মহিলা শাখাৰ খিতাপ। শনিবাৰে মহিলাৰ ফাইনেলত বিশ্বৰ এক নম্বৰ বাছনিপ্ৰাপ্ত বাৰ্টিয়ে চেক গণৰাজ্যৰ কেৰোলিনা প্লিচকোভাক ৬-৩, ৬-৭ (৪-৭), ৬-৩ ছেটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডনৰ খিতাপ দখল কৰে। এইটো বাৰ্টিৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ। দুয়োজন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
Comments