গুৱাহাটী, ১২ জুলাই: আজি পৃথিৱীৰ বায়ুমণ্ডলত এটা ভূ-চুম্বকীয় ধুমুহাই খুন্দা মাৰিব বুলি বতৰ বিশেষজ্ঞসকলে আশা কৰিছে আৰু ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। বিশেষজ্ঞ সকলে ধুমুহাটো পৃথিৱীৰ ফালে আগবাঢ়িছে আৰু গ্ৰহটোৰ কিছু অংশক আঘাত কৰিব বুলি আশা প্ৰকাশ কৰিছে।
স্পেচ ওৱেডাৰ ডট কম (Spaceweather.com) ৱেবছাইটৰ মতে, ধুমুহাটো ১.৬ নিযুত কিলোমিটাৰ বেগত পৃথিৱীৰ ওচৰলৈ আহিছে। ই সূৰ্যৰ বায়ুমণ্ডলৰ পৰা উদ্ভৱ হৈছিল আৰু পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা আধিপত্য থকা মহাকাশৰ এটা অঞ্চলত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছে।
সৌৰ ধুমুহাৰ ফলত, পৃথিৱীৰ বাহিৰৰ বায়ুমণ্ডল গৰম হৈ উঠিব পাৰে। ইয়াৰ ফলত জি পি এছ নেভিগেশ্বন, ম'বাইলৰ ফোন চিগনেল আৰু ছেটেলাইট টিভিত ব্যাপকৰূপত প্ৰভাৱ পৰিব পাৰে। বিদ্যুত পৰিবাহী লাইনৰ তাৰৰ ভল্টেজ বেছি হৈ যাব পাৰে, লগতে ট্ৰেন্সফৰ্মাৰবোৰৰো বৃহৎ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
চলিত বৰ্ষৰ মে' মাহত, সূৰ্যৰ পৃষ্ঠৰ পৰা লাখ লাখ টন অতি বেছি গৰম গেছ নিৰ্গত হৈছিল আৰু পৃথিৱীৰ ফালে ৯০ নিযুত মাইল গতিত খুন্দিয়াইছিল। হাইড্ৰ'-কুইবেকৰ ৱেবছাইট অনুসৰি ১৯৮৯ চনৰ মাৰ্চ মাহত কুইবেকৰ ওপৰত হোৱা সৌৰ ধুমুহাৰ ফলত বিভিন্ন অঞ্চলজুৰি ৯ ঘণ্টা ধৰি বিভিন্ন বিভ্ৰান্তিকৰ পৰিস্থিতি উৎপন্ন হৈছিল।
Comments