গুৱাহাটী, ১২ জুলাই: আজিৰ সময়ত দাঁতৰ বিষ এটা সাধাৰণ সমস্যা হৈ পৰিছে। ই কেতিয়াবা অসহনীয় হৈ পৰে। দাঁতৰ বিষৰ বহুতো কাৰণ থাকিব পাৰে, যেনে দাঁতত পোক ধৰা বা দাঁতৰ ক্ষয় হোৱা, দাঁত পৰিষ্কাৰ নকৰা, কেলচিয়ামৰ অভাৱত, বেক্টেৰিয়াৰ সংক্ৰমণ অথবা দাঁতৰ শিৰা দুৰ্বল হোৱাৰ বাবে।
দাঁতৰ বিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ বহুলোকে ঔষধ গ্ৰহণ কৰে। কিন্তু, যদি আপুনি ঔষধ খাবলৈ ভাল নাপায়, তেন্তে আপুনি কিছুমান সহজ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ৪ টা সহজ ঘৰুৱা প্ৰতিকাৰ জানক আৰু নিশ্চিতভাৱে সকাহ লাভ কৰক।
দাঁতৰ বিষৰ বাবে ৪ টা সহজ ঘৰুৱা প্ৰতিকাৰ:
সৰিয়হৰ তেল
প্ৰায় সকলোৰে ঘৰত সৰিয়হৰ তেল ৰন্ধাৰ বাবে ব্যৱহাৰ কৰা হয়। দাঁতৰ বিষত সকাহ পাবলৈ ইয়াক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাবে, তেলত অকণমান নিমখ মিহলি কৰি ল'ব আৰু মিশ্ৰণখিনি দাঁতৰ গুৰিত ভালদৰে লেপি মালিচ কৰিলে দাঁতৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি।
নেমু
নেমু সোৱাদযুক্ত হোৱাৰ লগতে শৰীৰৰ প্ৰতিও অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি উপাদান পোৱা যায়, আৰু ই দাঁতৰ বিষৰ পৰা সকাহ দিয়াতো কাৰ্যকৰী হয়। ইয়াৰ বাবে, আপুনি দাঁতৰ বিষ হোৱা স্থানত নেমুৰ টুকুৰা এটা লৈ থাকিব লাগিব। ইয়াৰ ফলত সোনকালে বিষৰ পৰা উপশম পাব পাৰি।
আলু
আলু এনেকুৱা এটা পাচলি যাৰ অবিহনে কোনো তৰকাৰী অথবা চব্জি বনোৱাটো কঠিন যেন লাগে। দাঁতৰ বিষত আলু অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়। বেদনাদায়ক স্থানত আলুৰ টুকুৰা এটা ৰাখিলে দাঁতৰ বিষৰ পৰা সোনকালে সকাহ লাভ কৰিব পাৰি।
মধুৰিআম গছৰ পাত
মধুৰিআম এনে এটা ফল যাক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, ইয়াৰ পাতবোৰো বিভিন্ন উপযোগী গুণাগুণেৰে পৰিপূৰ্ণ। দাঁতৰ বিষত সতেজ মধুৰিআম পাত চোবাই ৰসখিনি দাঁতৰ গুৰিত লগালে বিষৰ পৰা সকাহ লাভ কৰিব পাৰি।
Comments