গুৱাহাটী, ১৫ জুলাইঃ সকলোৱে পানীত ওপঙি থকা বাগিচা আৰু বিলাসী অথচ অতি সুন্দৰ বাসগৃহ সদৃশ জাহাজ দেখিছে, কিন্তু কাশ্মীৰৰ বিখ্যাত ডাল হ্ৰদত এটা উপঙি থকা ডাকঘৰ আছে। যি এক পৰ্যটকৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। এইটোৱে পৃথিৱীৰ একমাত্র ডাকঘৰ, যি পানীত উপঙি থকা অৱস্থাত আছে।
কাশ্মীৰৰ এই বিশেষ ডাকঘৰটো ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল। তথাপিও ইয়াৰ স্থানীয় লোকসকলে ডাকঘৰৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। কাশ্মীৰৰ লোকসকলে এতিয়াও এই ডাকঘৰৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰে, আৰু ডাকোৱালসকলে এই ডাকঘৰৰ পৰা চিঠি, পত্ৰ বা প্ৰদান সংগ্রহ কৰে।
উক্ত ডাকঘৰটোৰ কৰ্মচাৰী ফাৰুক আহমেদে জানিবলৈ দিয়ে যে, "ডাল হ্ৰদত ওপঙি থকা এই বিশেষ ডাকঘৰটো প্ৰায় দুশ বছৰ পুৰণি। ইয়াক আগতে নেহৰু পাৰ্ক ডাকঘৰ বুলি জনা গৈছিল, পিছত উপঙি থকা ডাকঘৰ (Floating Post Office) বুলি নাম সলনি কৰা হৈছিল।
Comments