গুৱাহাটী, ১৫ জুলাইঃ নিমখ হৈছে এনে এবিধ বস্তু যি যিকোনো ব্যঞ্জন তৈয়াৰ কৰাৰ বাবে অতিকৈ প্ৰয়োজনীয়, লগতে ইয়াৰ মাত্ৰা বেছি হ'লে সুন্দৰকৈ বনোৱা ব্যঞ্জন নষ্ট কৰিব পাৰে। কেতিয়াবা ব্যঞ্জন ৰন্ধাৰ সময়ত খৰখেদাকৈ নিমখ যোগ কৰোতে অলপ বেছিকৈ দিয়াৰ ফলত গোটেই ব্যঞ্জনবিধৰ সোৱাদ নষ্ট হৈ পৰে। অত্যাধিক নিমখ খোৱাৰ ফলত শৰীৰৰ বহুটো অনিষ্ট হ'ব পাৰে।
সেয়েহে ব্যঞ্জন বনোৱাৰ সময়ত নিমখ বেছিকৈ দিয়া গলেও চিন্তা নকৰিব, এইকেইটা উপায় অৱলম্বন কৰি ব্যঞ্জনত নিমখৰ মাত্ৰা বজাই ৰখাৰ লগত, সোৱাদ আৰু অধিক সুস্বাদু কৰি তুলিব।
জানক উপায়সমূহঃ
আলু
ব্যঞ্জনত নিমখৰ মাত্ৰা বেছি হ'লে কেইটুকুৰামান কেঁচা আলু কাটি দিব পাৰে, ই মিনিটতে ব্যঞ্জনত হোৱা অতিৰিক্ত নিমখ শোষণ কৰি সোৱাদ বৰ্তাই ৰাখিব পাৰে। সেয়েহে, যেতিয়া পনীয়া ৰন্ধন প্ৰণালীত অধিক নিমখ যোগ দিয়ে, আলু এটা কাটি দি ১৫-২০ মিনিটৰ বাবে কম জুইত ৰান্ধিলে নিমখৰ মাত্ৰা সঠিক কৰি তুলিব।
নেমুৰ ৰস
নেমুৰ ৰসে সহজতে অতিৰিক্ত নিমখৰ মাত্ৰা সঠিক কৰিব পাৰে। সেয়েহে ব্যঞ্জনত নিমখ বেছি হ'লে নেমুৰ ৰস যোগ কৰিব পাৰে।
দৈ
নিমখ বেছি হোৱা ব্যঞ্জনত দৈ যোগ কৰিলে নিমিষতে নিমখৰ মাত্ৰা সঠিক কৰি তুলিব পাৰি। দৈ যোগ কৰিলে ব্যঞ্জনৰ পৰা অধিক নিমখ আঁতৰ কৰি সোৱাদ বৃদ্ধি কৰে।
আটা
আলুৰ দৰে, আটাও ব্যঞ্জনৰ অতিৰিক্ত নিমখ শোষণ কৰিব পাৰে। যদিও আলুৱে ব্যঞ্জনত নিমখৰ লগতে তেল আৰু মচলা শোষণ কৰিব পাৰে, তেনেদৰে আটাই কেৱল নিমখহে শোষণ কৰিব পাৰে। সেয়েহে বেছি সময়ৰ বাবে আটা যোগ কৰি ৰান্ধিব নালাগে।
ভিনেগাৰ আৰু চেনী
ব্যঞ্জনত নিমখৰ সোৱাদ সন্তুলিত কৰি ৰাখিবলৈ এক চামুচ ভিনেগাৰ আৰু চেনী ব্যৱহাৰ কৰিব পাৰে। চেনীৰ মিঠা উপাদানৰ লগতে ভিনেগাৰৰ টেঙা উপাদানে অতিৰিক্ত নিমখীয়া সোৱাদ আঁতৰ কৰে লগতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰে।
Comments