গুৱাহাটী, ১৪ জুলাইঃ বিগত সপ্তাহত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল বদলি কৰাৰ নিৰ্দেশ অনুযায়ী হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যই আজি ত্ৰিপুৰাৰ ১৯ তম ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূর্বৰ ৰাজ্যপাল ৰমেশ বাইছক ঝাৰখণ্ডলৈ স্থানান্তৰ কৰা হৈছে।
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আকিল কুৰেশীয়ে পুৰণি ৰাজভৱনত এক সাধাৰণ শপত গ্ৰহণ অনুষ্ঠানত ৮২ বছৰীয়া আৰ্যক শপত বাক্য পাঠ কৰায়।
ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পিচত প্ৰায় ৩ বছৰ ৬ মাহ আগতে বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন নেতা হিচাপে কৃতিত্ব লাভ কৰা নাৰায়ণ আৰ্য হৈছে ত্ৰিপুৰাৰ তৃতীয় গৰাকী ৰাজ্যপাল।
আনহাতে, আজিৰ নৱনিযুক্ত ৰাজ্যপালৰ শপথগ্রহণ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মী আৰু কেইবাগৰাকীও ৰাজনৈতিক দলৰ নেতাৰ লগতে সেনা আৰু আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।
ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰকে ধৰি কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদীৰ নেতাসকলে অনুষ্ঠানটোৰ পৰা আঁতৰি আছিল।
Comments