গুৱাহাটী, ১৬ জুলাইঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ বাবে ৰাজ্যসমূহক ক্ষতিপূৰণ হিচাপে ৭৫,০০০ কোটি টকা মুকলি কৰি দিয়ে। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, এই অনুদান জিএছটি ক্ষতিপূৰণৰ লগতে পৰৱৰ্তী সময়ৰ ঋণ লোৱা ৰাজ্যসমূহৰ সুবিধাৰ্থে মুকলি কৰা হৈছে বুলি উল্লেখ কৰা হৈছে।
চলিত বৰ্ষৰ ২৮ মে',তাৰিখে অনুষ্ঠিত দেশৰ ৪৩ তম জিএছটি পৰিষদৰ বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হৈছিল যে, "কেন্দ্ৰীয় চৰকাৰে ১.৫৯ লাখ কোটি টকা ধাৰ ল'ব আৰু ক্ষতিপূৰণ পুঁজিত উক্ত ধনৰাশিখিনি ৰখা হ'ব, আৰু পৰৱৰ্তী সময়ত ইয়াক ৰাজ্যসমূহলৈ মুকলি কৰি দিয়া হ'ব।"
"ক'ভিড মহামাৰীৰ কাৰ্যকৰী সঁহাৰি, ব্যৱস্থাপনা আৰু মূলধন ব্যয়ৰ ক্ষেত্ৰত এক পদক্ষেপৰ বাবে সকলো ৰাজ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰাজ্যসমূহক তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰাৰ বাবে, বিত্ত মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষত একক কিস্তিত মুকলি কৰা ৭৫,০০০ কোটি টকা (গোটেই বছৰৰ মুঠ হ্ৰাসৰ প্ৰায় ৫০ শতাংশ) পৰৱৰ্তী সময়ত ঋণ গ্ৰহণকাৰীসকলৰ সুবিধাৰ্থে মুকলি কৰাৰ বাবে ব্যৱস্থা কৰা হ'ব,"বুলি কেন্দ্রই জানিবলৈ দিয়ে।
Comments