Classifieds
View All
গুৱাহাটী, ১৬ জুলাইঃ ২৩ জুলাইৰ পৰা জাপানৰ টকিঅ'ত আৰম্ভ হ'বলগীয়া অলিম্পিকৰ পূর্বে পৰিচয় জানিব নোৱাৰা এগৰাকী খেলুৱৈক ক'ভিড-১৯ ত আক্রান্ত হোৱা পৰিপ্ৰেক্ষিতত তেওঁক ১৪ দিনৰ বাবে কোৱৰেন্টিনত ৰখা হৈছে।
অলিম্পিকছ ডট কম (Olympics.com) প্ৰকাশিত শেহতীয়া ক'ভিড-১৯ ত আক্রান্ত হোৱা ঘটনাৰ তালিকা অনুসৰি, আন ৫ জন ব্যক্তি, জাপানৰ ৪ জন ঠিকাদাৰ আৰু এজন বিষয়া, ক'ভিড পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হৈছে।
শেহতীয়া পৰিসংখ্যা যোগ কৰিলে, টকিঅ' অলিম্পিকৰ পূর্বে ক'ভিড-১৯ ত মুঠ আক্রান্ত হোৱা ঘটনাৰ সংখ্যা ১ জুলাইৰ পৰা বৰ্তমানলৈ ২৬ জনত উপনীত হৈছে।
ইফালে, ১৮ টা ক্ৰীড়া শ্ৰেণীৰ মুঠ ১২৬ গৰাকী খেলুৱৈ ভাৰতৰ অলিম্পিক দলৰ অংশ। প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু বিষয়াসহ দলটোৰ মুঠ লোকৰ সংখ্যা ২২৭ গৰাকী।
Comments