গুৱাহাটী, ১৬ জুলাইঃ জাপানৰ টকিঅ'ত অলিম্পিক খেল আৰম্ভ হ'বলৈ আৰু মাথো কেইটিমান দিনহে বাকী আছে। তেনে ক্ষেত্ৰত সকলো দেশৰ খেলুৱৈয়ে এই বিশেষ খেলত পদক অৰ্জন কৰিবলৈ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অলিম্পিক অথবা অন্য খেলসমূহত প্ৰায়ে দেখা যায় যে পদক বিজয়ীসকলে প্ৰায়ে পদক অৰ্জনৰ পিছত মুখত লৈ পদকটো দাঁতেৰে কামোৰে, পিছে ইয়াৰ আঁৰৰ ৰহস্য অতি বিশেষ।
খেলুৱৈসকলে এনে কৰাৰ মূল কাৰণ হ'ল, যিসকল খেলুৱৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়, তেওঁলোকে পদকটো দাঁতেৰে কামোৰে কিয়নো, সোণ আন ধাতুতকৈ অলপ কোমল আৰু অধিক নমনীয়। ইয়াক মুখত কামোৰ মাৰি খেলুৱৈসকলে নিৰ্ধাৰণ কৰে যে পদকটো প্ৰকৃত সোণৰ হয় নে নহয়। আনহাতে, বেছিভাগ খেলুৱৈয়ে ফটো সংগ্রহৰ বাবেও এনে কৰা দেখা যায়।
ইপিনে, কেতিয়াবা আলোকচিত্ৰ গ্ৰহণকাৰী সকলেও খেলুৱৈসকলক তেওঁলোকৰ অৰ্জন কৰা পদকসমূহ মুখত লৈ কামোৰ মাৰি ধৰিবলৈ কৈছিল।
এই বিষয় সংক্রান্তত এগৰাকী প্ৰাক্তন অলিম্পিক বিজয়ী খেলুৱৈ জানিবলৈ দিছিল যে, "পূৰ্বতে অলিম্পিকত প্ৰথম স্থান লাভ কৰা বিজয়ী খেলুৱৈসকলক বিশুদ্ধ সোণৰ পদক দিয়া হৈছিল, কিন্তু সময়ৰ লগে লগে পদকবোৰ কেৱল সোণৰ আৱৰণৰে নিৰ্মাণ কৰা হয়। সেয়েহে পদকটো যদি কামোৰ মাৰি চোৱা হয়, তেন্তে নিশ্চিত কৰিব পাৰি যে পদকটো প্ৰকৃত সোণৰ আছিল।
প্ৰায় সকলো খেলুৱৈয়ে এনে কৰিছিল, আনহাতে বৰ্তমানেও খেলুৱৈসকলে তেওঁলোকৰ বিজয়ী পদকটো মুখত কামোৰ মাৰি ধৰে। ইয়াৰ বেছিভাগ কেৱল ফটো সংগ্রহৰ বাবেও কৰা হয়।"
Comments