গুৱাহাটী, ১৬ জুলাইঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা দেশৰ প্ৰভাৱশালী তাৰকা দম্পতিৰ তালিকাত সন্নিবিষ্ট হৈ আছে। অনুষ্কা শৰ্মা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু লগতে নিজৰ প্ৰযোজনা গৃহ চলায়, বিৰাট কোহলীয়েও ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্ব দিয়া এজন অত্যন্ত প্ৰভাৱশালী বেটছমেন হিচাপে পৰিচিত।
আনহাতে, তাৰকা লোকসকলে নিজৰ সুৰক্ষাৰ স্বাৰ্থত দেহৰক্ষীক অত্যাধিক পৰিমাণত ব্যয় কৰা দেখা যায়। কিন্তু অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীক সুৰক্ষা প্ৰদান কৰা দেহৰক্ষীক পৰিশোধ কৰা মূল্য জানিলে সকলোৱে হতবাক হৈ পৰিব। অনুস্কা-বিৰাটক সুৰক্ষা প্ৰদান কৰা চনু দেহৰক্ষী নামৰ দেহৰক্ষীজনে এজন কোম্পানীৰ মালিকতকৈও অধিক হাৰত দৰমহা প্ৰদান কৰা হয়।
প্ৰকাশ সিং, যাক চনু বুলিও জনা যায়, দেশৰ আটাইতকৈ প্ৰভাৱশালী দম্পতীৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। এইটোও জানিব পৰা যায় যে চনুৱে অনুষ্কা শৰ্মাক বিৰাট কোহলীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূর্বৰে সুৰক্ষা দি আহিছে।
চনুৰ বাৰ্ষিক আয় হৈছে ১.২ কোটি টকা। ইয়াৰ অৰ্থ হ'ল, চনুৰ বাৰ্ষিক উপাৰ্জন বহুতো কোম্পানীৰ চি ই অ' অথবা মালিকে প্ৰাপ্ত কৰা বাৰ্ষিক আয়তকৈ যথেষ্ট বেছি। ইপিনে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই চনুক সদায়ে তেওঁলোকৰ পৰিয়ালৰ এজনৰ দৰে মানি আহিছে। দুয়োগৰাকী তাৰকা চনুৰ ইমান ঘনিষ্ঠ যে তেওঁলোকে প্ৰতি বছৰে চনুৰ জন্মদিন উদযাপন কৰে।
Comments