গুৱাহাটী,১৬ জুলাই:জাৰ্মানীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ ভয়ংকৰ দুৰ্যোগৰ সৈতে যুঁজি আছে। লাক্সেমবাৰ্গ, নেডাৰলেণ্ড আৰু বেলজিয়ামতো অস্বাভাৱিকভাৱে ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত ওফন্দি উঠিছে নদ-নদী ।
পশ্চিম ইউৰোপৰ বহুতো দেশত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে । ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত এতিয়ালৈকে জাৰ্মানীত ৫৯ জন আৰু বেলজিয়ামত ৯ জন লোকৰ মৃত্যু হৈছে। পশ্চিম জাৰ্মানীতো ১৫ জন লোকৰ মৃত্যু হৈছিল। ইফালে, ৰভেলাৰ কাউণ্টিত ১৮ জন, ৰিনবাখত তিনিজন আৰু ক'লনত দুজন লোকৰ মৃত্যু হয় ।
এহৰেভেলাৰ কাউণ্টিৰ বিষয়াসকলে কয় যে যোৱা নিশা বানপানীৰ ফলত এফেল অঞ্চলত কেইবাটাও ঘৰ ধ্বংস হৈছিল, যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৭০ জন লোক সন্ধানহীন হৈ আছে। বহুতো লোক ঘৰৰ চালত আৱদ্ধ হৈ আছে আৰু সহায়ৰ বাবে অপেক্ষা কৰি আছে। বিষয়াসকলে উদ্ধাৰ অভিযানত নাও আৰু হেলিকপ্টাৰ মোতায়েন কৰিছে। জাৰ্মানীয়ে সাহায্য অভিযানত কৰিবলৈ ২০০ সৈন্য প্ৰেৰণ কৰিছে।
Comments