Classifieds
View All
গুৱাহাটী,১৬ জুলাই: বৰ্ধিত ক'ভিড সংক্ৰমণৰ বাবে মণিপুৰ চৰকাৰে ১৮ জুলাইৰ পৰা ১০ দিনৰ বাবে অৰ্থাৎ ২৮ জুলাইলৈ ৰাজ্যখনত লকডাউনৰ ঘোষণা কৰিছে।
ৰাজ্যখনত ক'ভিড-১৯ ৰ ডেল্টা প্ৰকাৰৰ ব্যাপক সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মণিপুৰৰ প্ৰধান সচিব ভি. ভুমলুংমাঙে কয় যে ৰাজ্যখনত ক'ভিদৰ এই নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ শৃংখল ভঙাটো অত্যন্ত প্ৰয়োজনীয়।তেওঁ লগতে ৰাজ্যৰ নাগৰিকসকলক এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়।
অধিসূচনা অনুসৰি, কেৱল ছিটাকৰণ,ক'ভিড-১৯ ৰ পৰীক্ষা সম্পৰ্কীয় অত্যাৱশ্যকীয় কাৰ্যকলাপ, চিকিৎসা সেৱা, পানী সেৱা, পানী যোগান, বিদ্যুৎ যোগান, টেলিকম/ইণ্টাৰনেট সেৱা, বিমান ভ্ৰমণ আৰু কৃষি কাৰ্যকলাপৰ বাবেহে অনুমতি দিয়া হ'ব।
Comments