Classifieds
View All
গুৱাহাটী,১৬ জুলাই:অসম বিধানসভাৰ বাজেট অধিৱেশনত ক'ভিড-১৯ ছিটাকৰণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মন্ত্ৰী পিযুষ হাজৰিকাই অভিযোগ কৰিছিল যে কংগ্ৰেছে ভেকছিনৰ ওপৰত ৰাজনীতি কৰি আছে। স্বাস্থ্য মন্ত্ৰী কেশব মহন্তইও বিধায়ক ভাৰত নৰহৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কৈছিল যে বিধানসভাক তেওঁ বিপথে পৰিচালিত কৰিছে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীয়ে সদনত কয়,"অসমত মুঠ ৪৫ লাখ লোকক ছিটাকৰণ কৰা হৈছে যি হৈছে মুঠ জনসংখ্যাৰ ৩০ শতাংশ। চৰকাৰে অনাগত দিনত ২ কোটি ৩৭ লাখ লোকক ভেকছিন প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। এতিয়ালৈকে ১৪ লাখ লোকে ক'ভিডৰ দুটা পালি গ্ৰহণ কৰিছে যি জনসংখ্যাৰ ৭ শতাংশ"।
তেওঁ লগতে কৈছিল যে ৰাজ্য চৰকাৰে ৪৩ কোটি ভেকছিনৰ পালি ক্ৰয় কৰিছে আৰু মানুহক বিনামূলীয়া ভেকছিন প্ৰদান কৰি আহিছে।
Comments