গুৱাহাটী, ১৬ জুলাইঃ কেৰালাৰ কোট্টায়ামৰ ৰেণু ৰাজ নামৰ এগৰাকী সফল মহিলা, যিগৰাকীয়ে ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হয় আৰু সৰ্বভাৰতীয় ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰাৰ পিছত আইএএছ বিষয়া হ'বলৈ সক্ষম হৈছিল। ৰেণু ৰাজে কেৰালাৰ কোট্টায়ামৰ ছেইণ্ট থেৰেছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে আৰু তাৰ পিছত কোট্টায়ামৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰাই চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে।
ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি, ৰেণু ৰাজে ২০১৪ চনত এগৰাকী চিকিৎসক হোৱা স্বত্বেও ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰথম প্ৰচেষ্টাতে সফলতা অর্জন কৰি সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ৰেণুৰ দেউতাক এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু তেওঁৰ মাতৃ এগৰাকী সাধাৰণ গৃহিনী। ৰেণুৰ ভগ্নী আৰু তেওঁৰ স্বামী দুয়োগৰাকী পেছাত একো একোজন চিকিৎসক।
ৰেণু ৰাজে সৰুৰে পৰা এজন আইএএছ বিষয়া হ'ব বিচাৰিছিল। যেতিয়া তেওঁ এগৰাকী শল্য চিকিৎসক হিচাপে কাম কৰি আছিল আৰু এগৰাকী আইএএছ বিষয়া হ'বলৈ সংকল্পবদ্ধ হৈছিল, তেতিয়া তেওঁ সাধাৰণ লোকসকলৰ বাবে কিবা এটা কৰিব বিচাৰিছিল যি তেওঁৰ মনটোৱে অধিক শান্তি দিব।
ৰেণু ৰাজে তেওঁৰ সফল যাত্ৰা সন্দৰ্ভত সোধাত তেখেতে কৈছিল, "মই ভাবিছিলো যে এজন চিকিৎসকে কেৱল ৫০ বা ১০০ জন ৰোগীকহে সহায় কৰিব পাৰে। কিন্তু এজন অসামৰিক সেৱাৰ বিষয়াই হাজাৰ হাজাৰ লোকৰ জীৱন উন্নত কৰাৰ লগতে তেওঁলোকক লাভান্বিত কৰিব পাৰে। সেই উদ্দেশ্যে মই ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিলো।"
আনহাতে, ৰেণুৱে পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কৈছিল যে, "২০১৩ চনৰ পৰা মই প্ৰতিদিনে ৩-৬ ঘণ্টাৰ বাবে অধ্যয়ন কৰিছিলো। চিকিৎসা সেৱা জড়িত হৈ থকা বাবে মই ছয়ৰ পৰা সাত মাহ ধৰি এনেদৰে অধ্যয়ন কৰিবলগীয়া হৈছিল। তাৰ পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ পৰা কিছু আঁতৰি আহি মই পূৰ্ণ-পৰ্যায়ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো।"
Comments