গুৱাহাটী, ১৭ জুলাইঃ নগাঁৱৰ পানীখেতিৰ ষ্টেট বেংকত দিনদুপৰতে ডকাইতি কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ডকাইতকেইজনে ষ্টেট বেংকৰ চিএছপি (CSP) কৰ্মচাৰী হাফিজুল শ্বেখৰ পৰা ৪ লাখ টকা নগদ ধন ভৰ্তি বেগ কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। নগদ ধনৰ বেগটো কঢ়িয়াই অনা হাফিজুলৰ পৰা ডকাইতে জোৰকৈ বেগটো কাঢ়ি নিয়াৰ সময়ত গুলীচালনা সংঘটিত কৰে। ৪ জনীয়া ডকাইতৰ দলটোৱে লগত অস্ত্র লৈ অহাৰ লগতে দুখন মটৰচাইকেল লৈ আহিছিল বুলি ব্যক্তি গৰাকীয়ে আৰক্ষীক অৱগত কৰে।
ঘটনা সন্দৰ্ভত হাফিজুলে কয় যে, "মই যেতিয়া গাড়ীৰ পৰা নামি আমি বেংকৰ ফালে গৈ আছিলো আৰু মোৰ সহায়কৰ ওচৰত নগদ ধনৰ বেগটো আছিল। তেনেতে, ক'লা পোছাক পিন্ধা দুজন ব্যক্তি মুখা পিন্ধি আমাৰ ওচৰলৈ আহিছিল। আমি ভাবিছিলো যে তেওঁলোক বেংকৰ গ্ৰাহক। কিন্তু তেওঁলোক ওচৰলৈ আহিছিল আৰু হঠাতে মোৰ কাৰ্যবাহীৰ পৰা বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰিছিল।
যেতিয়া মই হস্তক্ষেপ কৰিছিলো তেওঁলোকৰ এজনে মোৰ ভৰিৰ ফালে বন্দুকটো দেখুৱাই গুলীচালনা কৰিছিল। মই জঁপিয়াই পৰিছিলো আৰু সৌভাগ্যক্রমে গুলীটো নালাগিল। ইপিনে, কাৰ্যবাহীজনে বেগটো এৰি দিয়া নিদিয়াত বন্দুকধাৰীজনে তেওঁৰ মূৰত গুলী মাৰিবলৈ চেষ্টা কৰিছিল কিন্তু সৌভাগ্যক্ৰমে গুলীটো কাণৰ কাষেৰে লাগি পাৰ হৈ গৈছিল। তাৰ পিছত তেওঁলোকে নগদ ধনৰ বেগটো লৈ পলাই গৈছিল।"
পৰৱৰ্তী সময়ত আন দুজন যুৱকে ডকাইত কেইজনক খেদি যোৱাত টকা ভৰ্তি বেগটো পৰি যায় আৰু পলাই যাবলৈ সক্ষম হয়। ডকাইতৰ দলটোৱে দুখন নম্বৰ প্লেট বিহীন পালচাৰ ১৫০ মটৰচাইকেলত আহিছিল বুলি যুৱক দুজনে জানিবলৈ দিয়ে।
Comments