গুৱাহাটী, ১৭ জুলাইঃ সমগ্ৰ দেশতে ক'ৰনা ভাইৰাছৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে। ইয়াৰ লগে লগে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সতৰ্ক কৰি দিছে যে সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ দিশে আগবাঢ়ি গৈ আছে। ইয়াৰ ফলত পূৰ্বতকৈ অধিক লোক সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি হৈ পৰিছে। সেয়েহে আগন্তুক ১০০ ৰ পৰা ১২৫ দিন দেশবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি স্বাস্থ্য মন্ত্রালয়ে অভিহিত কৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে, "দেশত ক'ৰনাৰ দ্বিতীয় ঢৌ এতিয়াও সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই। তৃতীয় ঢৌ কিমান বিপদজনক হ'ব সেয়া ক'ৰনাৰ পৰা সুৰক্ষিত হৈ থকাৰ নীতি-নিয়ম আৰু ছিটাকৰণ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ক'ৰনাৰ বিভীষিকাৰ বিষয়ে সতৰ্ক কৰি কয় যে, "ক'ভিড-১৯ৰ পৰা ল'ব লগা সাৱধানতা সন্দৰ্ভত একেবাৰে অৱহেলা কৰিব নালাগে। ক'ৰনাৰ ক্ষেত্ৰত, নেডাৰলেণ্ড ৩০০ শতাংশ আৰু আফ্ৰিকা ৫০ শতাংশ সংক্ৰমণ বৃদ্ধি হৈছে।"
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, "তৃতীয় ঢৌৰ বিষয়ে প্ৰতিবাৰে আলোচনা কৰা হ'ব। কিয়নো ই আমাৰ জনসংখ্যাৰ ওপৰত বেছিকৈ প্ৰভাৱিত হ'ব পাৰে। সেয়েহে, সকলোৱে লক্ষ্য কৰি ল'ব লাগে যে ক'ৰনাৰ তৃতীয় ঢৌ যাতে দেশত আহিব নোৱাৰে, ইয়াৰ লগতে স্বাস্থ্য আন্তঃগাঁথনি অধিক শক্তিশালী কৰিব লাগিব আৰু ক'ভিডৰ নিয়ম অনুসৰণ কৰি থাকিব লাগিব।"
Comments