গুৱাহাটী, ১৭ জুলাইঃ তেলেগু চিনেমা জগতৰ জনপ্রিয় অভিনেতা আল্লু অৰ্জুনৰ জীয়ৰী আল্লু আৰহাক শীঘ্রে তেলেগু চিনেমা শকুন্তলমৰ জৰিয়তে টলিউডত অভিনয়ৰ পাতনি মেলা দেখা যাব, য'ত ছামান্থা আক্কিনেনীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
তেলেগু তাৰকা গৰাকীয়ে নিজৰ জীয়ৰী আল্লু আৰহাই চিনেমা জগতত অভিনয় আৰম্ভ কৰা সন্দৰ্ভত টুইটাৰযোগে সদৰি কৰে যে, "আল্লু পৰিয়ালৰ বাবে এইটো এটা অতি গৌৰৱৰ মুহূৰ্ত যে পৰিয়ালটোৰ চতুৰ্থ প্ৰজন্মৰ চিনেমাৰ জৰিয়তে আত্মপ্ৰকাশ ঘটিবলৈ গৈ আছে। চিনেমাখনৰ সমগ্ৰ কলা-কুশলী আৰু কৰ্মচাৰীসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো।"
পৌৰাণিক চলচ্চিত্ৰ 'শকুন্তলম'ত, আল্লু আৰহাই ৰাজকুমাৰ ভাৰতৰ চৰিত্ৰত অভিনয় কৰিব। তদুপৰি, অভিনেতা দেৱ মোহনে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিব। পৌৰাণিক নাটকখন পুৰু ৰাজবংশৰ শকুন্তলা আৰু ৰজা দুষ্মন্তৰ জীৱনৰ ওপৰত আধাৰিত।
বৰ্তমান, হায়দৰাবাদত বৃহৎ বাজেটৰ চিনেমা 'শকুন্তলম'ৰ চিত্ৰগ্ৰহণ চলি আছে।
Comments