যি আমাক এই জীৱন দিলে তেওঁৰ কথা কি লিখোঁ, কেনেকৈ লিখোঁ! যি আমাক তুলিতালি ডাঙৰ দীঘল কৰিলে, সু-স্বাস্থ্য, সু-বিচাৰ দিবলৈ অহৰহ চেষ্টা কৰিলে! মানুহে কয়, জীয়েকবোৰ বোলে মাকৰেই এক বিস্তৃত ব্যক্তিত্ব! আমাৰ মা, ফাতেমা বেগম(জন্মঃ০১-১০-১৯৫০, মৃত্যুঃ০৮-০৬-২০২১)শোণিতপুৰ জিলা(তেতিয়াৰ দৰং জিলা)ৰ চাহ বাগানৰ মাজত ডাঙৰ দীঘল হৈছিল। তেওঁ আছিল এক বিশাল ব্যক্তিত্বৰ অধিকাৰী নাৰী। উচ্চ মাধ্যমিকৰ ছাত্ৰী হৈ থাকোঁতেই বিয়াত বহা(সেই সময়ত তাৰ বাহিৰে তেওঁলোকৰ বিশেষ কোনো গত্যন্তৰ নাছিল)আমাৰ মায়ে ১৮ বছৰতে প্ৰথম সন্তানটো জন্ম দিছিল।
আমাৰ দেউতা স্বৰ্গীয় শ্বামছুল হক হাজৰীকাই অৱশ্যেই সুনিশ্চিত কৰিছিল যে - মাই যাতে স্কুলৰ শিক্ষা সমাপ্ত কৰে আৰু গুৱাহাটীত শিক্ষা গ্ৰহণৰ বাবে মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ঢেকীয়াজুলি হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি তিনিজনী ছোৱালী ইতিমধ্যেই জন্ম দিয়াৰ পিচত, ছোৱালীহঁতক স্কুললৈ পঠিয়াই উঠি মাই গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল। সত্তৰ দশকৰ আৰম্ভনিতেই তেওঁ তেজপুৰ মহিলা সমিতিৰ কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল আৰু গুৱাহাটীলৈ অহাৰ পিচত তেওঁ মিলনপুৰ মহিলা সমিতিৰ এক প্ৰতিস্থাপক সদস্য আছিল।
তেওঁ স্বামীৰ সৈতে ‘সমানে সমানে’(তেওঁ ভাল পোৱা এটি বাক্যাংশ)কাম কৰিছিল(যিটো তেওঁ প্ৰায়ে সোৱঁৰাই দিছিল), আৰু এখাপ এখাপকৈ গভীৰ আস্থাপনেৰে এটা শক্তিশালী পৰিয়ালৰ বুনিয়াদ গঢ়ি তুলিছিল। চাৰিটা সন্তানৰ মাতৃ হোৱাৰ পিচতো আনক সহায় কৰা বা আনৰ বাবে কিবা এটা কৰাৰ পৰা তেওঁক একোৱে বাধা দিব পৰা নাছিল।
সদায়ে দয়াশীল আৰু মমতাময়ী আমাৰ মায়ে দানৰ ৰিয়াজ সদায় কৰিছিল। মৰমীয়াল স্বামীৰ উত্তম দিকদৰ্শণৰ সহায়ত তেওঁ সামাজিক আৰু ৰাজনৈতিক ভাৱেও সক্ৰিয় আছিল। তেওঁ ১৯৯৪ চনৰ বিধানসভাৰ নিৰ্বাচনত শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। দীৰ্ঘ দিন ধৰি তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ সেৱা আগবঢ়াইছিল আৰু নব্বৈৰ দশকত মহিলা কংগ্ৰেছৰ গুৱাহাটী মহানগৰ সমিতিৰ উপ-সভানেত্ৰী হিচাপে তেওঁক অধিষ্ঠিত কৰা হৈছিল।
মাৰ আগ্ৰহ আৰু অনুপ্ৰেৰণাতেই তেওঁৰ তৃতীয় কন্যা অৰ্থাৎ আমাৰ তৃতীয় সহোদৰা শ্বাহনাজ য়াছমিন হক আছিল অসম মহিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভানেত্ৰী। তেওঁৰ দ্বিতীয় কন্যা ৰুকশ্বানা পাৰবীন হকে ভাৰতীয় বায়ুসেনাত স্কোৱাড্ৰন লীডাৰ(বৰ্তমান অৱসৰী) হিচাপে সেৱা আগবঢ়াইছিল, জ্যেষ্ঠ কন্যা ফৰিদা চুলতানা হকে মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু কনিষ্ঠ কন্যা মেহ্জবিনে চিকিৎসক হিচাপে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।। এই গৰাকী সফল মাতৃকলৈ আমি আটায়েই গৌৰৱ অনুভৱ কৰোঁ।
তেওঁ আমাক আনৰ প্ৰতি সহানুভূতিশীল হ’বলৈ আৰু সমাজৰ কল্যানৰ বাবে কাম কৰিবলৈ শিকাইছিল। তেওঁৰ নিৰ্দিষ্ট এক লক্ষ্য আৰু দৃষ্টি আছিল আৰু প্ৰত্যাহ্বানবোৰৰ তেওঁ সাহসেৰে সন্মুখীন হৈছিল। অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আৰু সুবিধা বঞ্চিতসকলৰ সবলীকৰৰণৰ বাবে সীমিত সম্পদ আৰু জ্ঞানেৰে নিৰৱ আৰু নম্ৰভাৱে তেওঁ নিজা ধৰণে কাম কৰিছিল। তেওঁৰ জীৱনটোৰ কথা ভাবিলে এমিলী ডিকিনছনৰ ‘Hope’is the Thing with Feathers(আশা হ’ল পাখি লগা)নামৰ কবিতাটোৰ কথাই মনলৈ আহে।
’আশা হ’ল পাখি লগা /যি গোজ পুতি থাকে অন্তৰাত্মাত, /আৰু গীত গায় শব্দহীন সুৰৰ,/ যি কেতিয়াও স্তব্ধ নহয়, /আৰু সি সুমধুৰ হৈ উঠে ধুমুহাত; / হাজাৰ বিধ্বংসী ধুমুহাই / ঢাঁহি-মুহি নিলেও/ কতজনক যে উম দি ৰাখে কনমানি চৰাইজনীয়ে...’
আজি তেওঁৰ ‘চালিছা’ৰ দিন। আমি তেওঁৰ ‘মাগফিৰত’ৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে আমাৰ আত্মীয়্সকলক তেওঁৰ চিৰশান্তি আৰু স্বৰ্গপ্ৰাপ্তিৰ বাবে দোৱা কৰিবলৈ অনুৰোধ কৰিছোঁ।
আমাৰ দূৰ্দিনৰ সময়ত আমাৰ কাষত থিয় দিয়া সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
শ্বামছুল আৰু ফাতেমাৰ জীয়াৰীসকল-ফৰিদা, ৰুকছানা,শ্বাহনাজ আৰু মেহ্জবিন, গুৱাহাটী/দিল্লী।
*******************************
Comments