গুৱাহাটী, ১৭ জুলাইঃ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) জানিবলৈ দিয়া অনুসৰি টেক্সাছত মানুহৰ দেহত প্ৰথমটো মাঙ্কিপক্সৰ দৰে বিৰল ৰোগৰ ঘটনা ধৰা পৰিছে। উক্ত ভাইৰেল ৰোগটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন বাসিন্দাৰ দেহত ধৰা পৰা দেখা গৈছিল, যিগৰাকীয়ে অলপতে নাইজেৰিয়াৰ পৰা আমেৰিকা লৈ ভ্ৰমণ কৰিছিল আৰু বৰ্তমান ডালাছৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে।
উক্ত ৰোগটোৰ সন্দৰ্ভত ডালাছ দেশৰ মুৰব্বী ক্লে জেনকিন্সে কয় যে "যদিও এই ঘটনাটো অতি বিৰল, কিন্তু এই ৰোগবিধ ইমান ভয়াবহ নহয় আৰু এই ৰোগবিধৰ পৰা সাধাৰণ ৰাইজৰ বাবে কোনোধৰণৰ ভাবুকিৰ সৃষ্টি নহয়। উক্ত ৰোগবিধ নাইজেৰিয়াৰ বাহিৰে, ১৯৭০ চনৰ পৰা মধ্য আৰু পশ্চিম আফ্ৰিকাৰ দেশবোৰতো প্ৰাদুৰ্ভাৱ হোৱাৰ খবৰ পোৱা গৈছে, চিডিচিৰ মতে ২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত মাঙ্কিপক্সৰ বৃহৎ প্ৰাদুৰ্ভাৱ হৈছিল।
চিডিচিয়ে লগতে কয় যে, "মাঙ্কিপক্স এয়াৰলাইন, ৰাজ্যিক আৰু স্থানীয় স্বাস্থ্য বিষয়াসকলৰ সৈতে যাত্ৰী আৰু ৰোগীৰ সংস্পৰ্শলৈ অহা আন লোক সকলৰ দেহলৈও সংক্ৰমিত হোৱাৰ আশংকা আছে। মাঙ্কিপক্স, যি স্মলপক্সৰ (Small Pox) দৰে ভাইৰাছৰ একেপৰিয়ালৰ অন্তৰ্ভুক্ত।
ই কাহ, চৰ্দিৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন জন ব্যক্তিলৈ বিয়পিব পাৰে। চিডিচিয়ে কৈছিল যে যিহেতু ভ্ৰমণকাৰীসকলে ক'ভিড-১৯ৰ বাবে মাস্ক পৰিধান কৰি আছিল, সেয়েহে বিমানযাত্রীসকলৰ ক্ষেত্রত এই ৰোগ বিয়পাৰ আশংকা কম আছিল। চিডিচিৰ মতে, বৰ্তমানৰ ঘটনাৰ পূৰ্বে নাইজেৰিয়াৰ পৰা উভতি অহা ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰত কমেও ছয়টা মাঙ্কিপক্সৰ ঘটনা চিনাক্ত হৈছে, যাৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ছিংগাপুৰ।
Comments