Classifieds
View All
গুৱাহাটী,১৮ জুলাই:ড্ৰাগছ, কিডনী চুৰি চক্ৰৰ পিছত এইবাৰ কেৰেলাত ধৰা পৰিল অসমৰ দুজন মানৱ সৰবৰাহকাৰী । লংকা আৰক্ষীখানাৰ এটা অভিযোগৰ অনুসন্ধান কৰি অসম আৰক্ষীৰ এটা দল উপস্থিত হয় কেৰেলাত। ৰাজ্যখনত উপস্থিত হৈ আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে দেহ ব্যৱসায়ত জড়িত কৰা ৯ গৰাকীকৈ মহিলাক ।
এই দুষ্কাৰ্যৰ লগত জড়িত নগাঁৱৰ দুজন লোক ক্ৰমে মফিজুল হক আৰু ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (আইন শৃংখলা) জিপি সিঙে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা মহিলাকেইগৰাকী নগাঁও, হোজাই, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ জিলাৰ।
Comments